ষ্টাফৰিপৰ্টাৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত অসমত বৰ্তমানলৈ ৩ লাখ ৩৫৫ টা আৱাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যত কোভিড-১৯ মহামাৰী সৃষ্ট সাম্প্ৰতিক প্ৰতিকূল পৰিস্থিতি সত্বেও যোৱা জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে পি এম এ ৱাই জিৰ অধীনত এক লাখ ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। বিগত ২০১৬-১৭ ৰ পৰা ২০২০-২১ বৰ্ষলৈ অসমে ভাৰত চৰকাৰৰ পৰা এই আঁচনিৰ অধীনত ৮ লাখ ৮১ হেজাৰ ৮৩৩ টা বাসগৃহৰ আৱণ্টন লাভ কৰিছে। ইয়াৰ ভিতৰত ৫ লাখ ১ হেজাৰ ৮২৭ টা ঘৰৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ৪ লাখ ৫৬ হেজাৰ ২৫৪ টা ঘৰ জিঅ’ টেগ কৰা হৈছে আৰু ৪ লাখ ৩৬ হেজাৰ ১০৮ টা ঘৰ নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছে। এই অনুমোদিত ঘৰৰ ৩ লাখতকৈও অধিক সম্পূৰ্ণ হোৱাৰ বিপৰীতে বাকী থকা ঘৰসমূহৰ নিৰ্মাণ বিভিন্ন স্তৰত আছে। উল্লেখযোগ্য বহিঃৰাজ্যৰ পৰা উভতি অহা প্ৰায় দুহেজাৰ গৰাকী ৰাজমিস্ত্ৰীক বৰ্তমানলৈ পি এম এ ৱাই জিৰ অধীনৰ বাসগৃহ নিৰ্মাণৰ কামত নিয়োগ কৰা হৈছে। আৱাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা প্ৰতিটো পৰিয়াললৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মন্ত্ৰী নব কুমাৰ দলে। ২০২২ চনৰ ভিতৰত দেশৰ প্ৰতিটো দুখীয়া পৰিয়ালক একোটাকৈ বাসগৃহ প্ৰদানৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্ধাৰণ কৰা লক্ষ্যক বাস্তৱ ৰূপ দিয়াৰ দিশত আমি অনাগত দিনত দুগুণ উৎসাহেৰে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি কয় মন্ত্ৰী গৰাকীয়ে।