পেগাছাছ কেলেংকাৰী: তদন্তৰ বাবে তিনিজনীয়া সমিতি গঠন উচ্চতম ন্যায়ালয়ৰ

104

ডিজিটেল ডেস্কঃ পেগাছাছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা উত্তৰত সন্তুষ্ট নহয় সৰ্বোচ্চ ন্যায়ালয়। এই গোচৰৰ বাবে তিনিজনীয়া তদন্ত সমিতি গঠন কৰিছে ন্যায়ালয়ে। এখন নিৰপেক্ষ সমিতিয়ে আদালতৰ তত্বাৱধানত তদন্ত কৰিব। সমিতিখনত এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশকে ধৰি দুজন চাইবাৰ বিশেষজ্ঞ থাকিব। সমিতিখনৰ নেতৃত্ব দিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰ ভি ৰবীন্দ্ৰন, আলোক যোশী আৰু সন্দীপ অবেৰয়ে।

উল্লেখ্য যে, পেগাচাছ কেলেংকাৰীক লৈ সমগ্ৰ দেশত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। পেগাচাছ ছফ্টৱেৰ ব্যৱহাৰ কৰি ফোন হেক কৰাৰ অভিযোগ উত্থাপন হৈছিল শাসিত চৰকাৰৰ বিৰুদ্ধে। ইফালে বিৰোধীয়ে এই গোচৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ পিছতে উচ্চতম ন্যায়ালয়ে পেগাচাছ গোচৰৰ পুংখানুপুংখ তদন্ত কৰাৰ বাবে এখন সমিতি গঠনৰ নিৰ্দেশ দিছিল।

উল্লেখ্য যে, কেন্দ্ৰই পেগাচাছ বিষয়ত আগতে কোনো সমিতি গঠন কৰিবলৈ সন্মত হোৱা নাছিল। পেগাচাছ গোচৰৰ পুংখানুপুংখ তদন্তৰ দাবীত উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰা হৈছিল। গোচৰটোৰ প্ৰথম শুনানি আগষ্টত অনুষ্ঠিত হৈছিল। কেন্দ্ৰই সেই সময়ত উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল। শপতনামাখনত কোৱা হৈছিল যে ভিত্তিহীন সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পেগাচাছৰ ওপৰত বহুতো মন্তব্য কৰা হৈছে। কেন্দ্ৰই সকলো অভিযোগ ৰক্ষা কৰিবলৈ এটা বিশেষজ্ঞ সমিতিও গঠন কৰিছিল।