পেগাছাছ কেলেংকাৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল মমতা বেনাৰ্জী

162

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ তোলপাৰ লগোৱা পেগাছাছ স্পাইৱেৰ কেলেংকাৰীৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এই কেলেংকাৰী সন্দৰ্ভত ন্যায়ালয়ক স্বতঃপ্ৰণোদিত গোচৰ ৰুজু কৰিবলৈ আবেদন দাখিল কৰিছে মমতা বেনাৰ্জীয়ে।

সৰ্বোচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন জনাই মমতা বেনাৰ্জীয়ে লিখিছে- ‘দয়া কৰি দেশখনক ৰক্ষা কৰক। স্বতঃপ্ৰণোদিতভাৱে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো।’

বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আবেদনত পুনৰ লিখিছে, ‘বিজেপিৰ শাসনত দেশৰ গণতন্ত্ৰ বিপন্ন হৈ পৰিছে। এনে ভয়ংকৰ পৰিস্থিতিৰ পৰা গণতন্ত্ৰক যদি কোনোবাই ৰক্ষা কৰিব পাৰে, তেন্তে সেয়া হৈছে ন্যায়ব্যৱস্থা।’ আনহাতে পেগাছাছ কেলেংকাৰী ৱাটাৰ গেট কেলেংকাৰীতকৈও ডাঙৰ বুলি মন্তব্য কৰে মমতা বেনাৰ্জীয়ে।

উল্লেখ্য যে, ইজৰাইলী কোম্পানী এনএছঅ’ৰ দ্বাৰা নিৰ্মিত পেগাছাছ স্পাইৱেৰে দেশৰ ৩০০ গৰাকী নেতা-মন্ত্ৰী তথা ব্যৱসায়ীৰ ফোন টেপিং কৰি গোপন তথ্য সৰকোৱাৰ তথ্য পোহৰলৈ আহিছে। পেগাছাছৰ ফোন টেপিং তালিকাত মমতা বেনাৰ্জীৰ ভাতৃপুত্ৰ অভিষেক বেনাৰ্জীৰ নামো সন্নিৱিষ্ট আছে। সমগ্ৰ দেশ তোলপাৰ লগোৱা এই কেলেংকাৰীক লৈ ভাৰত চৰকাৰক জবাবদিহী কৰিছে বিৰোধীয়ে।