পূজাৰ আনন্দৰ মাজতে পুনৰ বাঢ়িছে কোভিড সংক্ৰমণ

106

ডিজিটেল ডেস্কঃ দেশজুৰি পালন হোৱা দুৰ্গা পূজাৰ আনন্দ উচাহৰ মাজতে পুনৰ দেশত বৃদ্ধি পালে কোভিড সংক্ৰমণ! বুধবাৰৰ কোৰোনা বুলেটিন অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১৫,৮২৩ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। এই দিনটোত কোভিডৰ মৃত্যুৰ সংখ্যা হৈছে ২২৬ জন। ২২,৮৪৪ জন লোক সুস্থ হৈ উঠিছে। এতিয়ালৈকে কোৰোনা ৰোগীৰ মুঠ সংখ্যা হৈছে ৩৪ নিযুত ১৭৪৩ জন। বৰ্তমান, দেশখনত সক্ৰিয় কোৰোনা ৰোগীৰ সংখ্যা হৈছে ২৭,৬৫৩ জন। আজিলৈকে, ৩৩.৩৩ লাখ ৪২ হাজাৰ ৯০১ জন লোক আৰোগ্য হৈছে।

উল্লেখ্য যে, মঙ্গলবাৰৰ দিনটোত দেশত ১৪,৩১৩ জন লোক কোৰোনাত আক্ৰান্ত হৈছিল আৰু ১৮১ জন লোকৰ নতুনকৈ মৃত্যু ঘটিছিল। ২৬,৫৭৯ জন লোকে আৰোগ্য লাভ কৰিছিল।

অৰ্থাৎ এদিনৰ ভিতৰতে কোৰোনাৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে। যাৰ ফলত চিকিৎসা গৱেষক সকলেও উদ্বেগ প্ৰকাশ কৰিছে। পূজাৰ বতৰত কোভিড সংক্ৰমণ পুনৰ এবাৰ ভয়াবহ হৈ পৰাৰ আশংকা কৰা হৈছে।