পুণৰ বানৰ কৱলত মাজুলী, নদীপৰীয়া ৭৩ গাঁৱৰ দহ সহস্ৰাধিক পৰিয়াল আক্ৰান্ত, ৬ আশ্ৰয় শিবিৰ মুকলি জিলা প্ৰশাসনৰ

87

পুণৰ বানৰ কৱলত পৰিছে মাজুলী জিলাৰ মঠাউৰিৰ বহিঃ অংশৰ লগতে নদীপৰীয়া এলেকাসমূহ। এইবাৰৰ প্ৰথমটো বানৰ প্ৰকোপ কমাৰ মাথো ৮টা দিনৰ বিৰতিতে পুণৰ দ্বিতীয়টো বানৰ মুখামুখি হৈছে নদীদ্বীপ জিলাখন। কালি দুপৰীয়াৰে পৰা মাজুলীত বিপদসীমাৰ ওপৰেৰে বোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ইতিমধ্যে জিলাখনৰ ৭৩খন গাঁও প্লাৱিত কৰিছে। বছৰৰ এই দ্বিতীয়টো বানত এই পৰ্যন্ত জিলাখনৰ ১০,২৬৫টা পৰিয়ালৰ ৫১,৯৫৮ গৰাকী লোক প্ৰভাৱিত হৈছে। ব্ৰহ্মপুত্ৰৰ লগতে সোৱণশিৰিৰ জলস্তৰো ক্ৰমশঃ বৃদ্ধি পোৱাৰ ফলত আঁহতগুৰি, দক্ষিণ আঁহতগুৰি, কৰতিপাৰ, দক্ষিণপাট আৰু দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়ত এলেকাত বানৰ প্ৰকোপ বৃদ্ধি পাইছে। ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে কালি বিয়লিৰে পৰাই জিলা দুৰ্যোগ প্ৰশমন ব্যৱস্থাক সম্পূৰ্ণ সস্তম কৰি বান দুৰ্গত লোকৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযান ক্ষিপ্ৰ কৰি তুলিছে। উপায়ুক্ত বিক্ৰম কৈৰীয়ে নিজে শেহতীয়া বান-পৰিস্থতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখি থকাৰ লগতে কাৰ্যবাহী দণ্ডাধীশসকলকো ভাগে ভাগে বান-প্ৰভাৱিত স্পৰ্শকাতৰ এলেকাসমূহলৈ প্ৰেৰণ কৰি বন্যাৰ্ত পৰিয়ালসমূহক তাৎক্ষণিক ভাৱে সহায় উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰিছে। একেদৰে, জিলা প্ৰশাসনে সুনিয়াৰীকৈ বান সাহাৰ্য অভিযান চলাব পৰাকৈ জিলাখনক পাঁচটা বান-মণ্ডলত বিভক্ত কৰি প্ৰতিটো মণ্ডলতে দায়িত্ব দিয়া মাণ্ডলিক (জ’নেল) বিষয়াসকলৰ লগতে তেওঁলোকক সহযোগ কৰাৰ দায়িত্বত থকা খণ্ড (ছেক্টৰ) বিষয়াসকলেও নিজ নিজ এলেকাত বান-দুৰ্গত লোকৰ উদ্ধাৰ আৰু সাহাৰ্য আভিযানৰ নেতৃত্ব দিছে। আজি বিয়লি পৰ্যন্ত জিলা প্ৰশাসনে বানত গৃহ জলমগ্ন হোৱা লোকসকলৰ বাবে মুঠ ছটা আশ্ৰয় শিবিৰ মুকলি কৰিছে। প্ৰশাসনে ক’ভিড-১৯ প্ৰট’কল অনুসৰণ কৰি মুকলি কৰা এই বান-সাহাৰ্য শিবিৰ কেইটাত এতিয়ালৈকে মুঠ ১৬৬গৰাকী বান-দুৰ্গত লোকে আশ্ৰয় গ্ৰহণ কৰিছে। আঁহতগুৰি গাঁও পঞ্চায়ত এলেকাত মুকলি কৰা কৰা দুটা শিবিৰতে ১০৯গৰাকী লোকক প্ৰশাসনে আশ্ৰয় প্ৰদান কৰিছে। ইয়াৰে আঁহতগুৰি হাইস্কুলৰ শিবিৰত ৬৯গৰাকী আৰু পশ্চিম আঁহতগুৰি হাইস্কুলৰ শিবিৰত ৪০গৰাকী লোক আছে। একেদৰে, কৰতিপাৰ হাইস্কুলৰ শিবিৰত ২৪গৰাকী, মেৰাগড় মিছামাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিবিৰত ২০গৰাকী, এৰি চাপৰিৰ চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিবিৰত ৬গৰাকী আৰু কটকীচুক প্ৰাথমিক বিদ্যালয়ৰ শিবিৰত ৭গৰাকী বন্যাৰ্তই আশ্ৰয় গ্ৰহণ কৰিছে।