পহিলা দিনটোতে বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

9349

ইটোৰ পিছত সিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে সাধাৰণ জনতাক জ্বলাকলা খুৱাইছে চৰকাৰে। এফালে পেট্ৰ্’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি, আনফালে খাদ্য সামগ্ৰীৰ আকাশলংঘী দামে সাধাৰণ আৰু দৰিদ্ৰ জনতাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে। তাৰ মাজতে পুনৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰে এতিয়া জনতাক মাধমাৰ শোধাইছে কেন্দ্ৰীয় চৰকাৰে।

জুলাইৰ পহিলা দিনটোতে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫ টকাকৈ মূল্যবৃদ্ধি ঘটাইছে কেন্দ্ৰীয় চৰকাৰে। আনহাতে বানিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰ মূল্যত ৭৬ টকা বৃদ্ধি কৰি জনতাৰ তেজ শুহিছে বিজেপি চৰকাৰে।

উল্লেখ্য যে, বিগত দুটা মাহৰ ভিতৰত তৃতীয়বাৰৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰত মূল্যবৃদ্ধি ঘটাইছে চৰকাৰে। আনফালে পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্য প্ৰতিদিনে বৃদ্ধি পাই থকাত ইয়াৰ প্ৰভাৱ অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰতো বহুলভাৱে পৰা পৰিলক্ষিত হৈছে।