পহিলা ছেপ্তেম্বৰৰ পৰা শিক্ষাদানঃ চৰকাৰী বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ ক’ৰনা পৰীক্ষা বাধ্যতামূলক

87

ষ্টাফৰিপৰ্টাৰ, পহিলা ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা আছে।
৩১ আগষ্টৰ ভিতৰত শিক্ষক-কৰ্মচাৰীসকলে কৰিব লাগিব বাধ্যতামূলক কৰ’না টেষ্ট। চতুৰ্থ শ্ৰেণীৰ লৈকে ছেপ্তেম্বৰ মাহটোত বন্ধ থাকিব। পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম শ্ৰেণীৰ শ্ৰেণীৰ লৈকে শ্ৰেণীকোঠাত নহয়, মুকলি আকাশৰ তলত হ’ব শিক্ষাদান। ঘৰৰ পৰা বিদ্যালয় দূৰ হলে নিকৰ্টৱতী যিকোনো শিক্ষানুষ্ঠানে পাঠদান গ্ৰহণ কৰিব পাৰিব।
চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত এই নীতি ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে। নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান হ’ব শ্ৰেণীকোঠাতে। এটা কোঠাত বহিব নোৱাৰিব ১৫জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী।
দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান চাৰি দিনকৈ হ’ব বিদ্যালয়তে।