পশ্চিম বংগৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, ৪৩ গৰাকী বিধায়কৰ শপত গ্ৰহণ

101

বৃদ্ধি কৰা হল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্ত্ৰীসভা। আজি ৰাজ্যখনৰ ৪৩ গৰাকী তৃণমূল কংগ্ৰেছৰ বিধায়কে শপত ললে মন্ত্ৰিত্বৰ। ৰাজভৱনত অনুষ্ঠিত এক অনুষ্টুপীয়া শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল জগদ্বীপ ধনখড়ৰ উপস্থিতিত শপত ললে আটাইকেইগৰাকী বিধায়কে।

প্ৰাক্তন বিত্তমন্ত্ৰী অমিত মিত্ৰই স্বাস্থজনিত কাৰণত ভিডিঅ কনফাৰেন্সৰ জৰিয়তে শপত লোৱাৰ বিপৰীতে ৰাজভৱনত উপস্থিত থাকিল আন সকলো মন্ত্ৰিত্ব লাভ কৰা বিধায়ক। পুৱা মন্ত্ৰীৰূপে শপত লয় তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সুব্ৰত মুখাৰ্জী, পাৰ্থ চেতাৰ্জী, ফিৰহাদ হাকিম, জ্যোতি প্ৰিয়া মালিক, মলয় ঘটক, অৰূপ বিশ্বাস, ড০ শশী পাঞ্জা আৰু জাভেদ আহমেদ খানে।