অসমৰ বিশিষ্ট শ্ৰমিক নেতা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাওঁস্থিত সদৰ কাৰ্যালয়ত কৰ্মৰত জ্যেষ্ঠ অভিযন্তা , ভাৰতীয় ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান ৰেলৱেমেনছ ( এন এফ আই আৰ) ৰ ৰাষ্ট্ৰীয় উপ সভাপতি আৰু এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া কলকাতাস্থিত মেট্ৰো ৰেলৱে ৱৰ্কছ কংগ্ৰেছৰ সভাপতি পদত নিৰ্বাচিত হৈছে। ৮ জুলাইত কলকাতাৰ মেট্ৰো ৰেলৱেৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সভাত মুনীন্দ্ৰ শইকীয়া নিৰ্বাচিত হৈছিল আৰু এই পদ লাভ কৰা তেৱেঁই হৈছে প্ৰথম অসমীয়া ৰেলৱেৰ ট্ৰেড ইউনিয়নৰ নেতা । আনহাতে মুনীন্দ্ৰ শইকীয়া এই পদত নিৰ্বাচিত হৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ লগতে এন এফ ৰেলৱে এম্পলইজ ইউনিয়নলৈ গৌৰৱ কঢ়িয়াই অনা বাবে ১৫ জুলাইৰ সন্ধিয়া তেওঁক উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাওঁস্থিত সদৰ কাৰ্যালয়ৰ বাকৰিত আয়োজিত এক অনুষ্ঠানত এম্পলইজ ইউনিয়নৰ ফালৰ বিপুল সম্বৰ্ধনা জনোৱা হয়।
এই উপলক্ষে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ যুটীয়া সাধাৰণ সম্পাদক দিগন্ত বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ উপৰিও বৃহত্তৰ গুৱাহাটী পৰিসেৱাত থকা কেবাটাও শাখা কাৰ্যালয় ক্ৰমে – নিউ গুৱাহাটী শাখা, গুৱাহাটী শাখা, নিৰ্মাণ শাখা, হেড কোৱাৰ্টাৰ শাখা, হেড কোৱাৰ্টাৰ মহিলা শাখা, মালিগাওঁ শাখা, একাউণ্টছ শাখা , পাণ্ডু শাখাই গামোচা, জাপি, শৰাই, ফুলৰ থোপা , চেলেং চাদৰ আদিৰে বিপুল সম্বৰ্ধনা জনায়। অনুষ্ঠানত এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক পীয়ুষ চক্ৰবৰ্তী আৰু এ আই আৰ এফৰ মাণ্ডলিক সম্পাদক জয়ন্ত ভট্টই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত দেশৰ অন্যতম সন্মানীয় ৰেলৱে ট্ৰেড ইউনিয়ন হিচাপে পৰিচিত কলকাতা মেট্ৰো ৰেলৱে ৱৰ্কছ কংগ্ৰেছৰ সভাপতিৰ দৰে অতি গুৰুত্বপূৰ্ণ আৰু সন্মানীয় সভাপতি পদত নিৰ্বাচিত হৈ সমগ্ৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিয়াললৈ গৌৰৱ কঢ়িয়াই অনা বাবে মুনীন্দ্ৰ শইকীয়াক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
অনুষ্ঠানত এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি পাৰ্থ ভৌমিক , কাৰ্যকৰী সভাপতি মধুসুদন দাস আৰু দীনেশ পাছোৱান , উপ সভাপতি দল সিং ব্ৰহ্ম, ত্ৰিদীপ মজুমদাৰ আৰু ভাস্কৰ ভূষণ দাস, কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস , যুটীয়া সাধাৰণ সম্পাদক ৰুবুল বৰুৱা , দেৱাশীষ মুখাৰ্জী আৰু প্ৰকাশ বৰ্মন, কোষাধ্যক্ষ জোন দাস উপস্থিত থাকি ভাষণ প্ৰসংগত মুনীন্দ্ৰ শইকীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি তেওঁৰ নেতৃত্বত কলকাতা মেট্ৰো ৰেলৱে ৱৰ্কছ শক্তিশালী হব বুলি আশা ব্যক্ত কৰে। ইয়াৰ উপৰিও আটাই কেইজন বক্তাই মুনীন্দ্ৰ শইকীয়াৰ নেতৃত্বত বিগত সময়চোৱাত উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিসেৱাত এম্পলইজ ইউনিয়ন শক্তিশালী হোৱা বুলি সদৰি কৰে । অনুষ্ঠানত মুনীন্দ্ৰ শইকীয়াই চমু ভাষণত কলকাতা মেট্ৰো ৰেলৱে ৱৰ্কছ কংগ্ৰেছৰ সভাপতি পদত নিৰ্বাচিত হোৱাৰ পাছত নিজৰ অনুভৱ আৰু অভিজ্ঞতা ব্যক্ত কৰে। অনুষ্ঠানত ইউনিয়নৰ কৰ্মকৰ্তা – সদস্যৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সদৰ কাৰ্যালয় আৰু নিৰ্মাণ বিভাগৰ মহা প্ৰবন্ধক কাৰ্যালয়ৰ কেবা শতাধিক কৰ্মচাৰী উপস্থিত আছিল।
