পলায়নৰ চেষ্টা চলাই আৰক্ষীৰ এনকাউণ্টাৰত নিহত লামডিং গুলীচালনা কাণ্ডৰ কণ্ট্ৰেক্ট কিলাৰ মোহন কুমাৰ

209

লামডিংঃ আৰক্ষীৰ এনকাউণ্টাৰ নিহত হ’ল লামডিং গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত কণ্ট্ৰেক্ট কিলাৰ মোহন কুমাৰ।

দেওবাৰে নিশা আৰক্ষীৰ গুলীচালনাত নিহত হয় অভিযুক্তজন।

দেওবাৰে নিশা লামডিং আৰক্ষীয়ে এই ঘটনাত ব্যৱহৃত লুকাই থকা পিষ্টল উদ্ধাৰৰ বাবে অভিযান চলায়।

আৰক্ষীৰ সৈতে মোহনে পিষ্টল লুকুৱাই ৰখা ঠাইত উপস্থিত হয়। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে দুটা হস্ত নিৰ্মিত পিষ্টল।

অৱশ্যে পলায়নৰ চেষ্টা চলাই মোহনে .৩২ পিষ্টলৰে আৰক্ষীক গুলীয়াবলৈ চেষ্টা কৰে। গুলী অৱশ্যে আৰক্ষীৰ বাহনত খুন্দা মাৰে।

ইয়াৰ প্ৰত্যুত্তৰ হিচাপে আৰক্ষীয়ে অভিযুক্তজনৰ ওপৰত আৰু অধিক গুলীচালনা কৰে যাৰ বাবে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

যদিও তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ অনা হৈছিল, তথাপিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

উল্লেখযোগ্য যে, যোৱা ৯ ডিচেম্বৰত প্ৰাক্তন ৰে’ল কৰ্মচাৰী তৰুণ চক্ৰৱৰ্তীৰ ওপৰত গুলীচালনা কৰাৰ অপৰাধত দেওবাৰে পুৱা তেওঁৰ সহযোগী চাহেব ৰজকৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল মোহন কুমাৰক।

চক্ৰৱৰ্তীৰ মূৰ আৰু ডিঙিত আঘাত পাইছিল। বৰ্তমান তেওঁ লামডিং ৰেলৱে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

বিহাৰৰ বাসিন্দা দুই ঠিকাভিত্তিক হত্যাকাৰীয়ে দুই লাখ টকাৰ বিনিময়ত ৰে’লৱেৰ প্ৰাক্তন কৰ্মচাৰী তৰুণ চক্ৰৱৰ্তীৰ ওপৰত গুলীচালনা কৰিছিল।