পথ সুৰক্ষা ব্যৱস্থা উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

138

গুৱাহাটীঃ এক চৰকাৰী বিবৃতিযোগে ৰাজ্যিক পৰিবহণ বিভাগক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যান-বাহন ব্যৱস্থা উলংঘা কৰা সকলৰ বাবে কঠোৰ শাস্তিমূলক ব্যৱস্থাৰ বাবে এখন নতুন আইন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।

ৰাজ্যিক পৰিবহণ বিভাগকো অসমৰ মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ সৈতে সমন্বয় কৰি কাম কৰিবলৈ উৎসাহিত কৰিছে যাতে পথ দুৰ্ঘটনাৰ মৃত্যু হ্ৰাস পায়।

শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে জিলা বিষয়াসকলৰ সৈতে এক বৈঠকত পথ সুৰক্ষা প্ৰটোকল আৰু ৰাজহ সংগ্ৰহৰ কাৰ্যকৰীকৰণ আৰু পৰিবহন বিভাগৰ কাৰ্যকলাপৰ স্থিতিও পৰ্যালোচনা কৰে। বিবৃতি অনুসৰি, ৰাজ্যিক বিভাগক নতুন আইন প্ৰস্তাৱ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে য’ত উলংঘনকাৰীসকলৰ বাবে কঠোৰ শাস্তিমূলক ব্যৱস্থা আৰু অধিক সুৰক্ষা প্ৰৱৰ্তন ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।

উপ পৰিবহণ বিষয়াসকলকো মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ আৰু ব্যৱস্থাসমূহৰ মূল্যাঙ্কন কৰিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।ডিটিঅ’ সকলক হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ কাৰ্যালয়ত অধিক জন-অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ আৰু লগতে ‘যোগাযোগহীন’ সেৱা প্ৰদান কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ উৎসাহিত কৰে যাতে মানুহে তেওঁলোকৰ ঘৰৰ পৰা সেইবোৰ ব্যৱহাৰ কৰিব পাৰে।

ইফালে, বৈঠকত মুখ্যমন্ত্ৰীয়ে এটা মোবাইল এপ মুকলি কৰে। যাৰ জৰিয়তে শিকাৰু চালকৰ অনুজ্ঞাপত্ৰ আৰু বাহনৰ ফিটনেছ প্ৰমাণপত্ৰৰ তথ্য লাভ কৰিবপৰা যাব।