নৱজাতক-শিশুৰ মৃত্যুৰ হ্ৰাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন স্বচ্ছ ভাৰত অভিযানৰ

8

স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মাণ কৰা শৌচালয়সমূহে প্ৰতি বছৰে নৱজাতকৰ মৃত্যুৰ হাৰ প্ৰায় ৬০,০০০-৭০,০০০ হ্ৰাস কৰাত সহায় কৰিছে। এইটো এটা অধ্যয়নত দাবী কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তৰ্জাতিক খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ গৱেষকসহ এটা দলে ২০ বছৰৰ ভিতৰত ৩৫ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৬০০ ৰো অধিক জিলাত কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ জৰীপৰ তথ্য বিশ্লেষণ কৰে। ‘Scientific Reports’ নামৰ আলোচনীত প্ৰকাশিত এই অধ্যয়নত স্বচ্ছ ভাৰত মিছনৰ অধীনত নিৰ্মাণ কৰা শৌচাগাৰৰ উপলব্ধতা আৰু ২০০০ চনৰ পৰা ২০২০ চনলৈ পাঁচ বছৰৰ তলৰ কেঁচুৱা আৰু শিশুৰ মৃত্যু হ্ৰাসৰ বিষয়টো অধ্যয়ন কৰিছিল। ফলাফলবোৰে দেখুৱাইছে যে জিলা পৰ্যায়ত শৌচালয় নিৰ্মাণৰ গড় ১০ শতাংশ পইণ্টৰ উন্নতিৰ ফলত নৱজাতকৰ মৃত্যুৰ হাৰ ০.৯ শতাংশ হ্ৰাস হয় আৰু পাঁচ বছৰৰ তলৰ মৃত্যুৰ হাৰ ১.১ শতাংশ হ্ৰাস হয়। ঐতিহাসিকভাৱে, ভাৰতত শৌচাগাৰৰ নিৰ্মাণ আৰু শিশু মৃত্যুৰ মাজত এক সম্পৰ্ক আছে, অধ্যয়নটোৰ লেখকসকলে কয়। তেওঁলোকে অধ্যয়নত উল্লেখ কৰিছে যে এখন জিলাত শৌচালয়ৰ প্ৰৱেশাধিকাৰ ৩০ শতাংশ বা ততোধিক বৃদ্ধি হোৱাৰ ফলত নৱজাতক আৰু শিশুৰ মৃত্যু যথেষ্ট হ্ৰাস পাইছে। লগতে কোৱা হৈছে যে স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মাণ কৰা শৌচালয়বোৰে প্ৰতি বছৰে নৱজাতকৰ মৃত্যুৰ হাৰ ৬০,০০০-৭০,০০০ হ্ৰাস কৰে।