খোদ আৰক্ষী বিষয়াকে প্ৰতাৰণা কৰিবলৈ গৈ জালত পৰিল এজন মহাপ্ৰৱঞ্চক। নিজকে অ’এনজিছিৰ বিষয়া বুলি পৰিচয় দি আৰক্ষী বিষয়াৰ সৈতে বিয়া ঠিক হোৱাৰ পিছত এতিয়া লক-আপৰ আলহী হবলগীয়া হৈছে এজন ঠগ।
জানিব পৰা মতে নগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ সৈতে বিয়া ঠিক হৈছিল মাজুলীৰ ৰানা পগাগ নামৰ ব্যক্তিজনৰ।
নিজকে অ’এনজিছিৰ বিষয়া বুলি পৰিচয় দিয়া ৰানা পগাগৰ সৈতে ইতিমধ্যে জোনমণি ৰাভাৰ সম্পন্ন হৈছিল আঙুঠি পিন্ধোৱা পৰ্ব। দুয়োজনৰ পৰিয়ালে এই বছৰৰে নৱেম্বৰত ঠিক কৰিছিল তেওঁলোকৰ বিয়াখন।
কিন্তু বিয়াৰ পূৰ্বেই নিজৰ বাগদত্তাৰ বিৰুদ্ধেই আৰক্ষী বিষয়া জোনমণি ৰাভাই এজাহাৰ দাখিল কৰাত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰানা পগাগক। বৰ্তমান দুদিনৰ বাবে নগাঁও আৰক্ষীৰ জিম্মাত আছে ৰানা পগাগ।
দৰাচলতে বাগদত্তা ৰানা পগাগৰ ওপৰত জোনমণি ৰাভাৰ কোনো কাৰণত সন্দেহ ওপজাত কিছু গোপন তদন্ত চলায় আৰক্ষী বিষয়া গৰাকীয়ে।
তাৰ পিছতে তেওঁ নিশ্চিত হয় যে ৰানা পগাগ আচলতে অ’এনজিছিত কৰ্মৰত নহয়। বৰং এজন প্ৰৱঞ্চকহে।
এইগৰাকী ৰানা পগাগে নিজকে অ’এনজিছি বিষয়া বুলি পৰিচয় দি চাকৰি দিয়াৰ নামত বহুতৰে পৰা লাখ লাখ টকা সৰকোৱা বুলিও পোহৰলৈ আহিছে।
ইফালে ঠগজনৰ প্ৰকৃত স্বৰূপ ওলাই পৰাৰ পিছতে নগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰক্ষী বিষয়া জোনমণি ৰাভাই। তাৰ পিছতে আৰক্ষী বিষয়া গৰাকীক লগ কৰিবলৈ নগাঁৱত উপস্থিত হোৱা ভাৱীস্বামী ৰানা পগাগক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
মঙ্গলবাৰে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ পিছত বুধবাৰে আদালতত হাজিৰ কৰোৱাত আদালতে দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে জোনমণি ৰাভাৰ ভাৱীস্বামী প্ৰৱঞ্চক ৰানা পগাগক।