নতুন দিল্লী: নিছান ইণ্ডিয়াই গ্ৰাহকৰ সুবিধাৰ্থে নতুন গাড়ীৰ বিত্তীয় আঁচনি মুকলি কৰিছে।নিছান ইণ্ডিয়াই কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্ব গ্ৰহণ কৰিছে আৰু গ্ৰাহকৰ বাবে সময়োপযোগী অফাৰ আগবঢ়াইছে। ইয়াৰ জৰিয়তে গ্ৰাহক সকলে গাড়ীৰ লোন দিয়া, গাড়ীৰ লোন বিচৰি আবেদন কৰা মহিলা সকলৰ বাবে বিশেষ অফাৰ, চৰকাৰী চাকৰিয়াল আৰু পি এছ ইউ কৰ্মচাৰী, আৰক্ষী, কৃষিখণ্ড আদিক সামৰি লোৱা হৈছে।
তদুপৰি নিছান ইণ্ডিয়াই সম্পূৰ্ণৰূপে পিক আপ এণ্ড ড্ৰপ সেৱা “কভিড-১৯” ভাইৰাছৰ সুৰক্ষাৰ প্ৰতিও অধিক গুৰুত্ব আৰোপ কৰি আৰম্ভ কৰিছে। য’ত পৰিষ্কাৰ পৰিচ্ছন্নতাত অধিক গুৰুত্ব দিয়া হৈছে। এই সেৱা নিছান ইণ্ডিয়াৰ নেটৱৰ্ক থকা মুখ্য চহৰ সমূহত উপলব্ধ হ’ব। তদুপৰি আন চহৰ সমূহে এই সুবিধা ল’বলৈ হলে কিছু পৰিমাণে মাছুল আদায় দিব লাগিব।