‘নিউৱাইজ’ ধূমকেতু ভাৰতৰ আকাশত

103

ষ্টাফৰিপৰ্টাৰ, কাইলৈৰ পৰা ভাৰতৰ আকাশত হ’ব বিৰল মহাজাগতিক পৰিঘটনা।ভাৰতৰ আকাশত ২০দিন ধৰি চলিব এই বিৰল পৰিঘটনা। প্ৰতিদিনে খালী চকুৰে আকাশত দেখিবলৈ পাব এই মনোৰম দৃশ্য। সূৰ্য্য অস্ত যোৱাৰ পিছত আৰু উদয় হোৱালৈ ২০দিনলৈ আকাশত জিলিকি উঠিব এক নতুন আলহী।পুৱতি নিশা অৰ্থাৎ সূৰ্যোদয়ৰ কিছু পূৰ্বে দৃশ্যমান হ’ব এই বিশেষ উজ্জ্বল গতিশীল ছাঁয়া।দৃশ্যমান হ’ব লগা আকাশৰ এই নতুন আলহী হৈছে এটি ধুমকেতু।যাৰ নাম ‘নিউৱাইজ’।ভাৰতৰ আকাশত এই মহাজাগতিক পৰিঘটনা পুনৰ দৃশ্যমান হ’ব প্ৰায় ৬,০০০বছৰৰ পিছত।নাছাই জনোৱা অনুসৰি,এই ধৰণৰ ধুমকেতুই ৬,০০০বছৰৰ ভিতৰত এবাৰ মাত্ৰ সূৰ্যক প্ৰদক্ষিণ কৰে।নাছাৰ বৈজ্ঞানিক এমি মেঞ্জৰৰ মতে, ধুমকেতুটোৰ দৈৰ্ঘ্য প্ৰায় ৫কি:মি:।এই উজ্জ্বল ধুমকেতু খালী চকুৰেও দেখা যাব।২২ আৰু ২৩ জুলাইত এই ধূমকেতুটো পৃথিৱীৰ একেবাৰে কাষলৈ আহিব বুলি জানিব পৰা গৈছে।