মেস্ক জীৱন বীমা কোম্পানী লিমিটেডে ২০১৯-২০ বিত্তীয় বৰ্ষত ১৫৩৪২ টা মৃত্যু দাবী অনুসৰি ৫৬৩ কোটি টকা পৰিশোধ কৰিছে বুলি ঘোষণা কৰে। এইধৰণে কোম্পানীৰ যোৱা পাঁচ বছৰৰ কৰ্ম প্ৰদৰ্শনৰ ভিতৰত এইবাৰ সৰ্বমুঠ ব্যক্তিৰ মৃত্যু দাবী ৯৯.২০ শতাংশ অনুপাতত পৰিশোধ কৰিছে।কোম্পানীটোৱে এইটো বিত্তীয় বৰ্ষত উল্লেখযোগ্য ৯৯ শতাংশ সীমা পাৰ কৰিবৰ বাবে ধাৰাবাহিকভাৱে বিগত ৫ বছৰৰ পৰা ইয়াৰ দাবী পৰিশোধ অনুপাতক উন্নত কৰি আহিছে। এই সূত্ৰে গ্ৰাহকৰ বিশ্বাসক মজবুত কৰিবৰ বাবে নিজৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰি আহিছে। আৰম্ভণিৰে পৰা, মেস্ক জীৱন বীমাই ১,১২,৯৪৬ জন পলিচিহ’লডাৰৰ মৃত্যু দাবীৰ ৩,২৩৮ কোটি টকা তেওঁলোকৰ পৰিয়ালক পৰিশোধ কৰিছে।২০১৯-২০ বিত্তীয় বৰ্ষৰ সৰ্বমুঠ ১৫,৪৬৩ টা মৃত্যু দাবী গ্ৰহণ কৰাৰ ভিতৰত মাত্ৰ ১২০ টা অস্বীকাৰ কৰা হৈছে আৰু ১ টা দাবী বিত্তীয় বৰ্ষৰ শেষত বন্ধ কৰাৰ বাবে বিচাৰাধীন হৈ আছে। মেস্ক জীৱন বীমাৰ, পৰিচালন সঞ্চালক আৰু এ এম পি, প্ৰধান কাৰ্য নিৰ্বাহক, প্ৰশান্ত ত্ৰিপাঠীয়ে কয়, “এইটোৱে আমাক অপাৰ সন্তুষ্টি দিছে যে যোৱা ৫ বছৰৰ তুলনাত আমি ২০১৯-২০ বিত্তীয় বৰ্ষত আমাৰ দাবী পৰিশোধ অনুপাতক সৰ্বকালীন সময়ৰ উচ্চ স্তৰ ৯৯.২২ শতাংশলৈ আনিবলৈ সক্ষম হৈছো।এইটো গ্ৰাহকসকলৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতি আমাৰ দৃঢ়তাৰ দ্বাৰা প্ৰমাণিত হৈছে । অতিশীঘ্ৰেই বিগত ৩ বছৰৰ পৰা ৯৮ শতাংশৰ ওপৰত দাবী পৰিশোধ অনুপাত লাভ কৰা পৰিলক্ষিত হৈছে। “
Latest article
সামগ্ৰীৰ উন্নীতকৰণেৰে টিকেএম-এ মুকলি কৰিলে আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ
টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ আজি আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ বাহনখনৰ সুবিধাসমূহৰ উন্নীতকৰণৰ কথা ঘোষণা কৰিছে, যি সুৰক্ষা, আৰাম আৰু সুবিধাক ন ৰূপত সংজ্ঞায়িত কৰিছে। শেহতীয়া বৰ্ধিতকৰণে...
ওড়িশাৰ শিক্ষাবিদ , প্ৰাক্তন সাংসদ অধ্যাপক অচ্যুতা সামান্তলৈ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা
ওড়িশাৰ প্রখ্যাত সমাজকর্মী, শিক্ষাবিদ, প্ৰাক্তন সাংসদ আৰু ভলীবল ফেডাৰেচন অফ ইণ্ডিয়াৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অধ্যাপক অচ্যুতা সামান্তলৈ এইবেলি গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা-২০২৫...
ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল তিনিজনকৈ লোকৰ
ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল এগৰাকী কৃষক নেতাসহ মুঠ তিনিজন। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশতে সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে...