নগাঁৱৰ মাজপাথৰিত কৃষ্ণ বৰুৱাৰ ৰচনা সম্ভাৰ উন্মোচন

108

ঋতু পৰ্ণ শৰ্মা, নগাঁও : দুটাকৈ শতিকাক সাক্ষী কৰি গল্প, কবিতা, উপন্যাস, ভ্ৰমণ কাহিনী, অনুবাদ সাহিত্য, লোক সাহিত্য আৰু আত্মজৈৱনিক ৰচনাৰে অসমীয়া সাহিত্যৰ পাঠকক মন্ত্ৰমুগ্ধ কৰি অহা কৃষ্ণ বৰুৱা ২০১৯বৰ্ষত কৰ্কটৰোগত আক্ৰান্ত হয় । সম্প্ৰতি চিকিৎসাধীন বৰুৱাৰ সুযোগ্যা জীয়ৰী মনচুন বৰুৱাই কবি নীলাভ সৌৰভ আৰু মদাৰজ্যোতিৰ সহযোগত কঠিন ব্যস্ততাৰে সম্পাদনা কৰা আৰু অসমৰ অগ্ৰণী প্ৰকাশনগোষ্ঠী ক্ৰান্তিকালে প্ৰকাশ কৰা কৃষ্ণ বৰুৱাৰ ৰচনা সমগ্র শীৰ্ষক ১৫০০ পৃষ্ঠৰ বৃহৎ গ্ৰন্থখন দেওবাৰে নগাঁও জিলাৰ মাজপাথৰিস্থিত লিখকৰ বাসগৃহত উন্মোচন কৰা হয় ।

সৰুমা বৰুৱা, তুলসী শইকীয়া, নিৰঞ্জন বৰুৱা, লক্ষীপ্ৰসাদ শইকীয়া, শ্ৰীমন্ত ভূঞা, সতৰাম বৰুৱা, ভাস্কৰ শইকীয়া, অতুল চন্দ্ৰ বৰুৱা, অবন্তী শইকীয়া, যুৱ কবি ৰূপম নাথ, দীপাঞ্জলি বৰুৱা, গৌৰৱজ্যোতি বৰুৱা প্ৰমূখ্যে প্ৰায় চাৰি কুৰি ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা । উল্লেখযোগ্য যে ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰ কৈলাস কুমাৰ ৰাজখোৱা, লিখক কৃষ্ণ বৰুৱা, বিশিষ্ট শিল্পী গোলাপ বৰা, প্ৰাক্তন শিক্ষাসেৱী প্ৰিয়ম্বদা কাকতি, বিশিষ্ট কবি দুৰ্গেশ্বৰ বৰকটকী, যাত্ৰা আলোচনীৰ অন্যতম সম্পাদক চন্দন গোস্বামীয়ে উন্মোচন কৰা গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে মদাৰজ্যোতি আৰু নীলাভ সৌৰভে ।