নগাঁৱত মাতৃ-ভাতৃৰ সৈতে মিলি পত্নীক নৃশংসভাৱে হত্যা, গ্ৰেপ্তাৰ হত্যাকাৰী

297

নগাঁৱত পত্নীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ এজন লোক।

ধৃত লোকজনৰ নাম আব্দল হামিদ (৩৫)।

দ্বিতীয় পত্নীৰ সহযোগত মাতৃ আৰু ভাতৃৰ সৈতে মিলি পত্নী মন্টু বেগম (৩০)ক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে হামিদৰ বিৰুদ্ধে।

নগাঁও জিলাৰ কামপুৰৰ পণ্ডিত ঘাট গাঁৱত সংঘটিত কৰিছিল এই লোমহৰ্ষক হত্যাকাণ্ড।

অভিযুক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

ইফালে, এই গোচৰৰ আন তিনি অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে।

এই গোচৰৰ আন তিনিজন অভিযুক্ত হ’ল: খুৰচিদা খাতুন (ধৃত অভিযুক্ত ব্যক্তিৰ দ্বিতীয় পত্নী), হালিমা খাতুন (ধৃত অভিযুক্তৰ মাতৃ) আৰু চামেদ আলী (ধৃত অভিযুক্ত ব্যক্তিৰ ভাতৃ)।