নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ৪ সৰবৰাহকাৰী আৰু ৫ জুৱাৰীক আটক

142

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা।

জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত অভিযান চলাই আৰক্ষীয়ে বুধবাৰে নিশা ৪ জন ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ৫ জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়।

নগাঁও আৰক্ষীয়ে অফিচিয়েল টুইটাৰ হেণ্ডেলৰ জৰিয়তে জানিবলৈ দিয়া মতে, ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা ৩৪টা হেৰোইনৰ ভাইল, ৩০০ টা নিচাজাতীয় টেবলেট আৰু ৩টা চিৰিঞ্জ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত আটাইকেইজনকে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।