নগাঁৱত প্লাষ্টিক নিষিদ্ধ কৰাৰ দাবীত ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ

134

ঋতু পৰ্ণ শৰ্মা,নগাঁও :- পৃথিৱীৰ জৈৱ বৈচিত্ৰ আৰু মানৱ সমাজক ধ্বংস কৰা প্লাষ্টিক নগাঁও জিলাত নিষিদ্ধ কৰাৰ দাবীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই মংগলবাৰে নগাঁৱত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা ছাত্ৰ সন্থাৰ শতাধিক সদস্যই প্লাষ্টিক নিষিদ্ধ কৰাৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । ছাত্ৰ সন্থাৰ সদস্য সকলে নগাঁও জিলাত প্লাষ্টিক নিষিদ্ধ কৰক, নগাঁও জিলাক প্লাষ্টিক মুক্ত কৰক, নগাঁও চহৰক আৰ্বজনাৰ পৰা মুক্ত কৰক আদি বিভিন্ন শ্ল’গান দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে ।

জিলা ছাত্ৰ সন্থাই নগাঁও জিলা প্ৰশাসনক জিলাখনত প্লাষ্টিকৰ ব্যবহাৰ নিষিদ্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে ৰাইজকো প্লাষ্টিক বৰ্জনৰ বাবে আহ্বান জনায় । পৰবৰ্তী সময়ত জিলা ছাত্ৰ সন্থাই এই সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব বুলি জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া আৰু সাধাৰণ সম্পাদক অমৰ জ্যোতি ফুকনে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ।

চৰকাৰ তথা জিলা প্ৰশাসনে ইতিপূৰ্বে প্লাষ্টিক বৰ্জনৰ বাবে নিৰ্দেশ দিছিল যদিও সেয়া কাৰ্যকৰী হোৱা নাই ‌ । শেহতীয়া ভাৱে নগাঁও জিলা প্ৰশাসনে মাইক যোগে প্লাষ্টিক বৰ্জনৰ প্ৰচাৰ অভিযান অব্যাহত আছে আৰু জিলা প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে । একাংশ ব্যৱসায় প্ৰতিষ্ঠানে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিছে যদিও জিলাখনৰ বিভিন্ন স্থানত প্লাষ্টিকৰ ব্যৱহাৰ চলি আছে ।