নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীলৈ এক সুখবৰ আনিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাৰি ঘন্টিয়া বৈঠকৰ অন্তত কাগজ কল দুটাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
মুখ্যমন্ত্ৰীয়ে দুয়োটা কাগজ কলৰ কৰ্মচাৰীৰ বাবে ৫৭০ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা কৰে। উল্লেখ্য যে, অহা দুমাহৰ ভিতৰত প্ৰাপ্য ধন লাভ কৰিব কাগজ কলৰ কৰ্মচাৰীয়ে। আনহাতে, ৫৮ বছৰীয়া আৰু তাতকৈ ওপৰৰ সকলো কৰ্মচাৰীক পেঞ্চন প্ৰদানৰো সিদ্ধান্ত লোৱা হৈছে।
ইফালে, কাগজ কলৰ ১০০ যুৱ কৰ্মচাৰীক যোগ্যতা অনুসৰি চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে। কাগজ কলৰ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক-নাৰ্ছক প্ৰদান কোৱা হব ঠিকাভিত্তিক নিযুক্তি। কাগজ কলৰ কৰ্মচাৰীয়ে সকলো চৰকাৰী গৃহ খালী কৰি দিলেহে উপৰোক্ত সুবিধাসমূহ লাভ কৰিব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে। ঘৰ খালী কৰাৰ বাবে এমাহৰ সময়সীমা বান্ধি দিয়া হৈছে।
