ধৰ্ষণকাণ্ডত অভিযুক্ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চিন্ময়ানন্দক নিৰ্যাতিতাৰ ভাষ্যৰ প্ৰতিলিপি প্ৰদান কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

78

ডিজিটেল ডেস্কঃ কলেজীয়া ছাত্ৰীক বলাৎকাৰ কৰাৰ অভিযোগত অভিযুক্ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চিন্ময়ানন্দই লাভ নকৰে নিৰ্যাতিতাই মেজিষ্ট্ৰেটৰ সন্মুখত দাখিল কৰা ভাষ্যৰ প্ৰতিলিপি। বুধবাৰে উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ খাৰিজ কৰি চিন্ময়ানন্দক নিৰ্যাতিতাৰ ভাষ্যৰ প্ৰতিলিপি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে।

উল্লেখ্য যে, চিন্ময়ানন্দৰ এক আবেদনৰ শুনানি গ্ৰহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে বলাৎকাৰৰ বলি হোৱা ছাত্ৰীগৰাকীৰ অধিবক্তাই দণ্ডাধীশৰ সন্মুখত দাখিল কৰা ভাষ্যৰ প্ৰতিলিপি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু ২০১৯ৰ ৭ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰাৰ পিছত বুধবাৰে সেই সিদ্ধান্তৰ বিৰুদ্ধে ৰায় প্ৰদান কৰে।