ষ্টাফৰিপোৰ্টাৰ, ৯ মাৰ্চ: জালাহ ঘাটপটি নিবাসী ধৰ্মপ্ৰাণা মহিলা বিজয়া দাসৰ বাৰ্ধক্য জনিত কাৰণত বুধবাৰে নিশা নিজ বাসভৱনত মৃত্যু হয়। বিগত কিছু মাহ ধৰি শ্বাস প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ থকা দাসৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ। জালাহ নামঘৰৰ প্ৰতিষ্ঠাৰ লগত জৰিত ধৰ্মপ্ৰাণা মহিলা গৰাকী অঞ্চলটোৰ এগৰাকী অগ্ৰণী নামতি ৰূপে সমাদৃত আছিল। মৃত্যুৰ সময়ত তেওঁ তিনিজন পুত্ৰ, তিনিজনী জীয়ৰীৰ লগতে একাধীক নাতি নাতিনী ই
এৰি যায়।