ষ্টাফৰিপৰ্টাৰ, দৰঙৰ দিপীলা অঞ্চলৰ আলিখাপাৰা নিবাসী ধৰ্মপ্ৰাণা সাদৰী মহিলা, সফল মাতৃ তৰুলতা দেৱীৰ বাৰ্ধক্যজনিত কাৰণত যোৱা নিশা ৭৯বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয়।দুনী মজলীয়া বিদ্যালয়ৰ একালৰ কৃতী প্ৰধান শিক্ষক ,সমাজকৰ্মী প্ৰয়াত জগৎ চন্দ্ৰ শৰ্মাৰ সহ:ধৰ্মিণী তৰুলতা দেৱীয়ে মৃত্যুৰ সময়ত ছয়গৰাকী উচ্চ শিক্ষিত তথা উপযুক্ত পুত্ৰ আৰু ছয়জনী বোৱাৰী, এগৰাকী জী আৰু জোঁৱাই , নাতি-নাতিনী সমন্বিতে বহুতো ইষ্ট-মিত্ৰ আৰু গুণমুগ্ধক এৰি থৈ যায়।সৰবৰহী মহিলা গৰাকীৰ বিয়োগত দিপীলা ব্ৰাহ্মণ খেল,দিপীলা জগদ্ধাত্ৰী পূজা সমিতি, দিপীলা শাখা সাহিত্য সভাকে ধৰি ভালেমান অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।উল্লেখযোগ্য প্ৰয়াত দেৱীক তেওঁ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে দিপীলা জগদ্ধাত্ৰী পূজা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছিল।সাহিত্য সেৱাৰ প্ৰতি আগ্ৰহী তৰুলতা দেৱীয়ে নিজৰ জীৱনক লৈ লিখা “এৰি অহা সময়”নামৰ গ্ৰন্থখন যোৱা ২৭জুনত নিজা ঘৰত উন্মোচন কৰা হৈছিল।
Latest article
সামগ্ৰীৰ উন্নীতকৰণেৰে টিকেএম-এ মুকলি কৰিলে আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ
টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ আজি আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ বাহনখনৰ সুবিধাসমূহৰ উন্নীতকৰণৰ কথা ঘোষণা কৰিছে, যি সুৰক্ষা, আৰাম আৰু সুবিধাক ন ৰূপত সংজ্ঞায়িত কৰিছে। শেহতীয়া বৰ্ধিতকৰণে...
ওড়িশাৰ শিক্ষাবিদ , প্ৰাক্তন সাংসদ অধ্যাপক অচ্যুতা সামান্তলৈ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা
ওড়িশাৰ প্রখ্যাত সমাজকর্মী, শিক্ষাবিদ, প্ৰাক্তন সাংসদ আৰু ভলীবল ফেডাৰেচন অফ ইণ্ডিয়াৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অধ্যাপক অচ্যুতা সামান্তলৈ এইবেলি গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা-২০২৫...
ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল তিনিজনকৈ লোকৰ
ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল এগৰাকী কৃষক নেতাসহ মুঠ তিনিজন। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশতে সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে...