ধন দাবীৰ অভিযোগত আটক লখিমপুৰৰ বিজেপি নেতা কেৰামত আলী

847

দালালি আৰু ধনদাবীৰ অভিযোগত লখিমপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে এজন বিজেপি নেতাক।

বিধায়ক আৰু সাংসদৰ নাম ব্যৱহাৰ কৰি বিভিন্ন ব্যক্তিৰ পৰা ধন আদায় লৈ অহাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে লখিমপুৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ কেৰামত আলীক।

চৰকাৰী চাকৰিৰ বিনিময়ত ধন দাবী কৰাৰ অভিযোগত আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। বিজেপি নেতাজনে বিজেপিৰ শীৰ্ষ নেতা, বিধায়কৰ সৈতে ঘনিষ্ঠ যোগাযোগ থকাৰ পৰিচয় দি মানুহক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে।

আটকৰ পিছত লখিমপুৰৰ বিধায়ক মানৱ ডেকাই আলীৰ এই কাৰ্যক সমালোচনা কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।