দৰঙৰ বিভিন্ন প্ৰান্তত ইউৰিয়া সাৰৰ নামত সংঘটিত দূৰ্নীতিৰ বিৰুদ্ধে সৰৱ ইত্তেহাদ ফ্ৰন্ট আৰু চিএফআই

111

আন্তাজ আলী, দলগাঁওঃ দৰঙৰ বিভিন্ন প্ৰান্তত ইউৰিয়া সাৰৰ দ্ৰুত গতিত দাম বৃদ্ধিক লৈ শংকিত হৈ পৰিছে খেতিয়ক সকল৷ কেন্দ্ৰীয় চৰকাৰে ইউৰিয়া সাৰৰ বাবদ হাজাৰ হাজাৰ কোটি টকা ৰেহাই দি অহাৰ লগতে ইউৰিয়া সাৰ সম্পূৰ্ণ চৰকাৰী নিয়ম নীতিৰ মাধ্যমেৰে যোগান ধৰা হয় যদিও ইউৰিয়া সাৰৰ বাবদ চৰকাৰে দিয়া ৰেহাইৰ লাভ উপভোগ কৰিব পৰা নাই কৃষক ৰাইজে। বিয়াগোম কৃষি বিভাগৰ ব্যৰ্থতাৰ অন্ত নাই। ইউৰিয়া সাৰৰ প্ৰকৃত মূল্য ৪৫কেজি বস্তা ৯০০ টকা কিন্তু ৬৬৫টকাকৈ সাৰ কোম্পানীক চৰকাৰে আগতিয়াকৈ আদায় দিয়ে যাৰ বাবে ৪৫কেজি বস্তাৰ মূল্য ২৬৫টকাকৈ নিৰ্ধাৰণ কৰি দিছে।

চৰকাৰে ইউৰিয়া সাৰ বিক্ৰীৰ ক্ষেত্ৰতো কিছুমান নিয়ম নীতি বান্ধি দিছে। যেনে কোম্পানীৰ পৰা কৃষি সঞ্চালকালয়লৈ আহিব, তাৰ পিছত কৃষি সঞ্চালকালয়ে কোন জিলাত কিমান টন ইউৰিয়া সাৰ যোগান ধৰিব সেইটো নিৰ্ধাৰণ কৰি প্ৰতিখন জিলা কৃষি বিষয়া কাৰ্য্যলয়ৰ নামত অনুমোদন দিয়ে। তাৰ পিছত জিলা কৃষি বিষয়াই যিসকলৰ তাত পাইকাৰী বিক্ৰীৰ অনুজ্ঞাপত্ৰ (wholesale Dealership)আছে সেইসকলক ইউৰিয়া সাৰ কাক কিমান টনকৈ দিব সেইটো নিৰ্ধাৰণ কৰিব।

পাইকাৰী বিক্ৰী প্ৰতিষ্ঠানসমূহে খুচৰা বিক্রী কৰা অনুজ্ঞাপত্ৰ থকা দোকানীকহে বিক্ৰী কৰিব পাৰিব। যদি নিয়ম নীতি মতে ক্ৰয়-বিক্ৰী চলে কৃষক সকলে ২৬৫ টকাত ইউৰিয়া ক্ৰয় কৰিব পাৰিলেহেঁতেন। কিন্তু কাৰ্য্য ক্ষেত্ৰত ওলোটাহে দেখিবলৈ পোৱা গৈছে। একাংশ ডিলাৰ সকলে অনুজ্ঞাপত্ৰ নথকা দোকানী সকলৰ তাতো অধিক দামত বিক্ৰী কৰে আৰু উপায়হীন হৈ অনুজ্ঞাপত্ৰ থকা দোকানী সকলোৱেও অধিক দামত ক্ৰয় কৰে আৰু কৃষক সকলৰ তাত কোনো কেছ মেমো’ নিদিয়াকৈ ৬০০/৭০০টকা বস্তা বিক্ৰী কৰি আহিছে। খেতিয়ক সকলে উপায়হীন হৈ অধিক ক্ৰয় কৰিব লগা হয়।

ডিলাৰ সকলে চৰকাৰী মূল্যত ইউৰিয়া সাৰ ক্ৰয় কৰি চৰকাৰী নীতি নিয়ম উলংঘা কৰি গ্ৰাহকৰ তাত অধিক দামত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামৰ লগতে কেম্পাচ্ ফ্ৰন্ট অফ ইণ্ডিয়াৰ দৰং জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলামে। চৰকাৰে সাৰৰ নামত অতিৰিক্ত টকা মোকলাই দিয়াৰ পিছতো সাৰৰ ডিলাৰ সকলে চলাই আছে ৰমৰমীয়া বেহা৷ চৰকাৰৰ পৰা সাৰৰ নামত অতিৰিক্ত ধন দিয়াৰ সময়তো ডিলাৰ সকলে কৃষকক দি আছে ৰাম ঠগন। দৰঙত চলি থকা সাৰৰ এনে অবাধ দুৰ্নীতিৰ বিৰুদ্ধে কিয় নিৰৱ ভুমিকা পালন কৰি আছে বিভাগীয় কৰ্তৃপক্ষই। সেয়া আজিৰ দিনত এক লাখটকীয়া প্ৰশ্ন।

এই ক্ষেত্ৰত ইত্তেহাদ ফ্ৰণ্টৰ ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামৰ লগতে কেম্পাচ্ ফ্ৰন্ট অফ ইণ্ডিয়াৰ দৰং জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলামে বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ অন্যথা কোভিড প্ৰট’কল চলি থকাৰ সময়তেই সংগঠনটোৰ নেতৃবৰ্গই কোভিড প্ৰটকল ভংগ কৰি হলেও কৃষক ৰাইজৰ স্বাৰ্থত প্ৰতিবাদ কৰিবলৈ বাধ্য হব বুলি হুংকাৰ দিয়ে।