দ্বিতীয় শুৱালকুছি ৰূপে খ্যাত নগাঁৱৰ জাজৰিৰ তাঁতশিল্পৰ উত্তৰণৰ হকে মতবিনিময় অনুষ্ঠান সম্পন্ন

114

ঋতু পৰ্ণ শৰ্মা, নগাঁও: নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত অন্যতম বৃহৎ অঞ্চল হৈছে জাজৰি ৷ বৃহত্তৰ জাজৰি অঞ্চলটোত গঢ় লৈ উঠিছে বোৱা-কটা তথা তাঁত শিল্প ৷ এই বোৱা-কটা শিল্পত, পাট-মুগা কাপোৰকে ধৰি বিভিন্ন থলুৱা বস্ত্ৰ উৎপাদন কৰা হয়। শিল্পটিক কেন্দ্ৰ কৰি অঞ্চলটোত গঢ়ি উঠিছে বোৱা-কটা সমবায় সমিতি ৷

জাজৰিৰ কেইবাখনো গাঁৱৰ শিপিনীসকলে তাঁত শালৰ জৰিয়তে দীৰ্ঘদিন ধৰি জীৱিকা অৰ্জন কৰাৰ লগতে এক অৰ্থনৈতিক বিপ্লৱ গঢ়ি তুলিবলৈ সক্ষম হৈছে ৷ এই তাঁত শিল্পৰ এক সুকীয়া পৰিচয় আছে ৷ জাজৰিৰ এই তাঁত শিল্পক শুৱালকুছিৰ তাঁত শিল্পৰ লগত তুলনা কৰা হয় ৷ যাৰ বাবে ইয়াক দ্বিতীয় শুৱালকুছি হিচাপে অভিহিত কৰা হয় ৷

জাতিৰ পিতা মহাত্মা গান্ধীয়ে তাহানিতে কোৱা “অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে”–সেই কথাষাৰৰ সত্যতা জাজৰিলৈ গলে আজিও দেখিবলৈ পোৱা যায় ৷ অসমৰ বিভিন্ন প্ৰান্তত জাজৰিৰ তাঁত শিল্পত উৎপাদিত কাপোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই অঞ্চলৰ বহু শিপিনীয়ে বহি: ৰাজ্যত প্ৰশিক্ষণ গ্ৰহণ কৰি আহি উন্নতমানৰ কাপোৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷

৬০ দশকৰ পৰাই নগাঁৱৰ জাজৰিৰ প্ৰতি ঘৰৰ জীয়ৰী-বোৱাৰীসকলে তাঁতশালত কাপোৰ বৈ জীবিকা নিৰ্বাহ কৰাৰ লগতে নীৰৱে অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলাৰ এক বিপ্লৱ গঢ়ি তুলিছে ৷ এই শিল্পক অধিক টনকিয়াল কৰাৰ লক্ষ্যৰে জাজৰিৰ তিনি উদিয়মান যুৱক ইউনুচ আলি,আদিল শ্বাহ আৰু আহাদুৰ ৰহমানৰ উদ্যোগত শিপিনীসকলক লৈ আজি এক মত বিনিময় অনুষ্ঠান সম্পন্ন হয় ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সমাজসেৱক, সাহিত্যিক আবুল খায়েৰ আহমেদে শিপিনীসকলক তাঁত শিল্পক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ প্ৰদান কৰি কয় যে জাজৰিৰ তাঁত শিল্পৰ লগত জড়িত শিপিনীসকলৰ আৰ্থিক অৱস্থা উন্নত নহয় ৷ এই তাত শিল্পৰ জৰিয়তে শিপিনী সকলে উন্নতমানৰ কাপোৰ তৈয়াৰ কৰে যদিও উপযুক্ত বজাৰৰ অভাৱৰ বাৱে শিপিনীসকল সমস্যাৰ সন্মুখীন হৈ আহিছে ৷

আহমেদে জাজৰিৰ এই তাঁত শিল্পৰ বাৱে এখন উপযুক্ত বজাৰ সৃষ্টি কৰিবলৈ আৰু জাজৰিত এই শিল্পক কেন্দ্ৰ কৰি এটা বস্ত্ৰ উদ্যোগ স্থাপন কৰিবলৈ চৰকাৰক দাবী জনায় ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি জাজৰিৰ মুছলিম গাৱৰ বোৱা-কটা সমবায় সমিতি সম্পাদিকা নাজিমা বেগমে কয় যে জাজৰিৰ এই শিল্পৰ এক সুনাম আছে ৷ ইয়াৰ শিপিনীসকলে অতি কষ্টৰে বোৱা-কটা কামত জড়িত হৈ উন্নত মানৰ কাপোৰ উৎপাদন কৰি আহিছে ৷ ৰাজ্য চৰকাৰে সহযোগিতা কৰিলে এই শিল্পই অৰ্থনৈতিক দিশটো টনকিয়াল কৰাৰ লগতে নিবনুৱা সমস্যাৰ আংশিক সমাধান হব বুলি মন্তব্য কৰে ৷

ইউনিছ আলিয়ে আঁত ধৰা অনুষ্ঠানত অঞ্চলটোৰ স্কাউড-গাইড প্ৰশিক্ষক চফিকুল হক,জাজৰিৰ গাওঁ উন্নয়ন সমিতিৰ সম্পাদক হিবজুৰ ৰহমান আদিয়ে অংশগ্ৰহণ কৰে । অঞ্চলটোৰ তাঁত শিল্পৰ লগত জড়িত শতাধিক শিপিনীয়ে উপস্থিত থকা অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলে জাজৰিৰ তাঁত শিল্পক আগুৱাই নিয়াৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত পদক্ষেপ লবলৈ স্থানীয় বিধায়িকা শিৱামণি বৰাক আহ্বান জনাইছে ৷