দেৱী বিসৰ্জনৰ সময়তে ব্ৰহ্মপুত্ৰত পিছলি পৰিল মহিলা, উদ্ধাৰ

164

গুৱাহাটীত বুধবাৰে দেৱী বিসৰ্জনৰ সময়তে ব্ৰহ্মপুত্ৰ নৈত পিচলি পৰে এগৰাকী মহিলা।

অৱশ্যে লগে লগে এজন লোকে উদ্ধাৰ কৰে মহিলাগৰাকীক।

প্ৰাপ্ত তথ্য অনুসৰি, কাচমাৰী ঘাটত দেৱী দুৰ্গাৰ বিসৰ্জন চাবলৈ গৈ মহিলাগৰাকী পিছলি নৈত পৰি যায়।

এজন লোকে নৈত জপিয়াই ততাতৈয়াকৈ উদ্ধাৰ কৰে।

চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।