দেশৰ ১০ লাখ লোকৰ বাৰ্ষিক উপাৰ্জন ৫০ লাখ টকা

34

দেশত ধনী লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । প্ৰতি বছৰে ১০ কোটি টকাতকৈ অধিক উপাৰ্জন কৰা লোকৰ সংখ্যা যোৱা পাঁচ বছৰত ৬৩% বৃদ্ধি হৈ প্ৰায় ৩১,৮০০ জন হৈছে। এই সময়ছোৱাত, বছৰি ৫ কোটি টকাতকৈ অধিক উপাৰ্জন কৰা লোকৰ সংখ্যা ৪৯ শতাংশ বৃদ্ধি হৈছে। ইয়াৰ সংখ্যা ৫৮,২০০ লৈ বৃদ্ধি পাইছে। চেণ্ট্ৰাম ইনষ্টিটিউশ্যনেল ৰিচাৰ্ছৰ প্ৰতিবেদন অনুসৰি, দেশত প্ৰায় ১০ লাখ লোক আছে, যাৰ বাৰ্ষিক উপাৰ্জন ৫০ লাখতকৈ অধিক। যোৱা পাঁচ বছৰত এনে লোকৰ সংখ্যা ২৫ শতাংশ বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি, ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ভিতৰত ধনী লোকসকলৰ উপাৰ্জন দ্ৰুতগতিত বৃদ্ধি পাইছে। এইটোও গুৰুত্বপূৰ্ণ কিয়নো এই সময়ছোৱাত কোৰোনা মহামাৰীয়ে অৰ্থনৈতিক ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ যথেষ্ট ক্ষতি কৰিছিল। প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে ধনী লোকৰ বৰ্ধিত সংখ্যাৰ সৈতে তেওঁলোকৰ মিলিত উপাৰ্জন দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ভিতৰত ১২১শতাংশ চক্ৰবৃদ্ধি বাৰ্ষিক বৃদ্ধিহাৰত ১০ কোটি টকাতকৈ অধিক উপাৰ্জন কৰা ৩১,৮০০ জন লোকৰ মুঠ উপাৰ্জন ৩৮ লাখ কোটি টকালৈ বৃদ্ধি হৈছে। ৫ কোটি টকাতকৈ অধিক উপাৰ্জন কৰা সকলৰ সম্মিলিত উপাৰ্জন পাঁচ বছৰত ১০৬ শতাংশ বৃদ্ধি হৈ ৪০ লাখ কোটি টকা হৈছে। ৫০ লাখ টকাতকৈ অধিক উপাৰ্জন কৰা লোকসকলৰ মুঠ সম্পত্তি ৪৯ লাখ কোটি টকা, যি পাঁচ বছৰত ৬৪ শতাংশ বৃদ্ধি হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে বিত্তীয় সম্পদ পৰিচালনাৰ ক্ষেত্ৰত ভাৰত উন্নত অৰ্থনীতিতকৈ বহু তুলনাত পিছ পৰি আছে। ভাৰতত কেৱল ১৫ শতাংশ বিত্তীয় সম্পদ পেছাদাৰীসকলে পৰিচালনা কৰে, উন্নত অৰ্থনীতিত ৭৫ শতাংশই কৰে।