দেশত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ হাৰ, যোৱা ২৪ ঘণ্টাত পুনৰ ৫০৯ জনৰ মৃত্যু

77

দেশত কৰোনা সংক্ৰমণৰ ঘটনা আকৌ এবাৰ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ভাৰতত পুনৰ ৪৬,৭৫৯ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। আনহাতে এই সময়ছোৱাত কোভিডৰ ফলত প্ৰাণ হেৰুৱাইছে ৫০৯ জনে। যোৱা এটা দিনত দেশত ৩১,৩৭৪ জন ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে।

তথ্যনুসৰি, কেৰালা আৰু মহাৰাষ্ট্ৰত পুনৰ এবাৰ কোৰোনাৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কেৰালাত যোৱা এটা দিনত ৩২,৮০৯ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ১৭৯ জন কোভিড ৰোগীৰ। মহাৰাষ্ট্ৰত ৪৬০০ জনতকৈও অধিক লোক নতুনকৈ কোভিড পজিটিভ পোৱা গৈছে।

উল্লেখ্য যে, বিশেষজ্ঞসকলে ছেপ্টেম্বৰ-অক্টোবৰত সংক্ৰমণৰ তৃতীয় ঢৌৰ আগজাননী দিছে। আনহাতে কোৰোনা মহামাৰীৰ বৰ্ধিত গতিৰ পিছত নৱেম্বৰত সৰ্বাধিক লোক আক্ৰান্ত হব বুলিও বিশেষজ্ঞসকলে সতৰ্কবাণী প্ৰদান কৰিছে।