দেওবাৰে পুনৰ ভূমিকম্পই জোকাৰি গ’ল লাদাখ…

81

ডিজিটেল ডেস্কঃ এপষেকৰ ভিতৰতে তিনিটা ভূমিকম্পই জোকাৰি গ’ল লাদাখৰ কাৰ্গিল। দেওবাৰে পুনৰ কাৰ্গিলত অনুভূত হয় কম্পন। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.২। পৃষ্ঠভূমিৰ পৰা ১০ কিলোমিটাৰ গভীৰ উৎসস্থলীৰ এই ভূমিকম্পত অৱশ্যে কোনো প্ৰাণহানি হোৱাৰ বিষয়ে জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, যোৱা ২৫ আৰু ২৬ ছেপ্তেম্বৰতো লাদাখ কঁপাইছিল ভূমিকম্পই। সেই দুটা ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৩.৭ আৰু ৫.৪। দ্বিতীয়টো ভূমিকম্পত লাদাখৰ কোনো কোনো অঞ্চলত সামান্য ক্ষয়-ক্ষতি হোৱাৰো বাতৰি লাভ হৈছিল। ইফালে ২৪ ছেপ্তেম্বৰৰ পুৱাও লাদাখসহ জম্মু-কাশ্মীৰত সামান্য জোকাৰণি অনুভূত হৈছিল। লাদাখ তথা জম্মু-কাশ্মীৰৰ এই ধাৰাবাহিক ভূমিকম্পৰ জোকাৰণিয়ে এতিয়া চিন্তাত পেলাইছে বিশেষজ্ঞসকলকো।