দিল্লী কেপিটেলছৰ বিৰুদ্ধে চানৰাইজাৰ্ছ হায়দৰাবাদৰ ১৫ ৰানত জয়লাভ

90

ডিজিটেল ডেস্কঃ আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত ড্ৰীম-১১ আইপিএলৰ ১১ সংখ্যক খেলখনত মঙলবাৰে চানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হয় দিল্লী কেপিটেলছ। খেলখনত কেপিটেলছে টছত জিকি প্ৰথমে হায়দৰাবাদক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। হায়দৰাবাদে নিৰ্ধাৰিত অভাৰত জনী বেয়াৰষ্ট’ৰ অৰ্ধশতেকেৰে ৪ উইকেটৰ বিনিময়ত ১৬২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ অধিনায়ক ডেভিড ৱাৰ্ণাৰে ৪৫ ৰান আৰু কেন উইলিয়ামছনে ৪১ ৰান সংগ্ৰহ কৰে।

ইফালে ১৬৩ ৰানৰ লক্ষ্য সন্মুখত লৈ ক্ৰিজত নমা কেপিটেলছে প্ৰথমাৱস্থাতে দুটাকৈ উইকেট হেৰুৱাই বিপাঙত পৰে। শেখৰ ধাৱানে কিছু সময়ৰ বাবে দলক গতি প্ৰদান কৰিবলৈ সক্ষম হ’লেও ৩৪ ৰানত পেভিলিয়নমুখী হয় ধাৱান। অধিনায়ক শ্ৰেয়ছ আয়াৰ, পৃথ্বী শ্ব’, ৰিষভ পণ্টৰ ব্যৰ্থ প্ৰদৰ্শনৰ বাবে নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই কেপিটেলছে মাত্ৰ ১৪২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। যাৰ পৰিণতিত ১৫ ৰানত জয় লাভ কৰে হায়দৰাবাদে।

উল্লেখ্য যে, ২০২০ৰ আইপিএলত চানৰাইজাৰ্ছ হায়দৰাবাদৰ এয়া প্ৰথম বিজয়। তাৰ বিপৰীতে দুখনকৈ মেছত একেৰাহে বিজয়ী লাভ কৰি অংক তালিকাৰ শীৰ্ষত থকা দিল্লী কেপিটেলছে কালি প্ৰথমবাৰলৈ পৰাজিত হ’বলগা হয়। খেলখনত প্ৰথম বিজয়ী হৈ নিশ্চিতভাৱে হায়দৰাবাদৰ মনোবল বৃদ্ধি পাইছে।