তৃতীয় কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ মমতা বেনাৰ্জীৰ

147

পশ্চিম বংগ বিধানসভা নিৰ্বাচনত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে পুনৰ এবাৰ জয়লাভৰ পিছত আজি তৃতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত লব মমতা বেনাৰ্জীয়ে। কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অতি অনুষ্টুপিয়াকৈ আয়োজন কৰা মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানখনি অনুষ্ঠিত হৈছে ৰাজভৱনত। ৰাজ্যপাল জগদ্বীৰ ধনখড়ে মুখ্যমন্ত্ৰীক শপতবাক্য পাঠ কৰোৱাৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য, বিৰোধী দলৰ নেতা আব্দুল মান্নান আৰু চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা বিমান বসু।