নিৰ্বাচনৰ পূৰ্বে দল সলনি কৰাৰ ৰাজনীতিত এইবাৰ সন্নিৱিষ্ট হ’ল অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক মনোজ শৰ্মাই। এটা দশকতকৈও অধিক সময় তৃণমূল কংগ্ৰেছৰ সৈতে জড়িত হৈ থকা মনোজ শৰ্মাই অতি শেহতীয়াকৈ ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াত যোগদান কৰে।
ছয়মাইলত অনুষ্ঠিত এক যোগদান সমাৰোহত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে আনুষ্ঠানিকভাৱে আৰপিআই দলত যোগদান কৰি কয় যে তেওঁ দীৰ্ঘসময় ধৰি তৃণমূল কংগ্ৰেছৰ হৈ কাম কৰিও দলটোক এক সবল স্থিতি দিয়াত ব্যৰ্থ হৈছে। ইয়াৰ কাৰণ হিচাপে দলৰ শীৰ্ষ নেতৃত্বৰ চিন্তাধাৰাকে দোষাৰোপ কৰে মনোজ শৰ্মাই।
আৰপিআই দলে বিচাৰিলে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু বুলি মন্তব্য কৰে মনোজ শৰ্মাই। উল্লেখ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াই ৪টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে। অৱশ্যে কোন কোন সমষ্টিত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰিব, সেয়া এতিয়াও ঘোষণা কৰা নাই।