তামিল অভিনেতা বিজয় সেতুপতিৰ কন্যাক ছ’চিয়েল মিডিয়াত বলাৎকাৰৰ ভাবুকি

85

ডিজিটেল ডেস্কঃ তামিল অভিনেতা বিজয় সেতুপতিৰ কন্যাক ছ’চিয়েল মিডিয়াত বলাৎকাৰৰ ভাবুকি প্ৰদানক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শ্ৰীলংকান ক্ৰিকেটাৰ মুথেয়া মুৰুলীধৰণৰ ওপৰত নিৰ্মাণ হ’বলগা ছবিক লৈ সৃষ্টি হোৱা বিবাদৰ পিছতে অভিনেতা বিজয় সেতুপতিৰ জীয়াৰীক বলাৎকাৰৰ ভাবুকি প্ৰদান কৰা হয় @ItsRithikRajh নামৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে।

উল্লেখ্য যে, মুথেয়া মুৰুলীধৰণৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’বলগা ছবিখনৰ মুখ্য চৰিত্ৰৰ বাবে বিজয় সেতুপতিয়ে প্ৰথমে সন্মতি প্ৰদান কৰিছিল যদিও তাৰ পিছত সৃষ্টি হোৱা বিবাদৰ পৰিপ্ৰেক্ষিতত তেওঁ ছবিখন ত্যাগ কৰে। ইয়াৰ কাৰণ হিচাপে বিজয় সেতুপতিয়ে কয় যে শ্ৰীলংকাত তামিলৰ নৰসংহাৰ হোৱাৰ সময়ত তামিলভাষীক প্ৰতাৰণা কৰা মুৰুলীধৰণৰ কোনো ছবিত তেওঁ অভিনয় কৰিব নিবিচাৰে।

ইফালে এই ছবিখন ত্যাগ কৰাৰ পিছতো যদি বিজয় সেতুপতিয়ে মুৰুলীধৰণৰ চৰিত্ৰত অভিনয় কৰে, তেন্তে তেওঁৰ কন্যাক বলাৎকাৰ কৰিব বুলি ভাবুকি দিয়ে টুইটাৰত। অৱশ্যে পৰৱৰ্তী সময়ত সেই টুইট ডিলিট কৰা হয়।