ঢেকিয়াজুলিৰ ৮০ শতাংশ বড়োলোক বাস কৰা গাওঁ অন্তৰ্ভুক্ত হব BTRত

100

ঢেকিয়াজুলিৰ ৮০ শতাংশ বড়োলোক বাস কৰা গাঁও অন্তৰ্ভুক্ত হ’ব BTRত’। গণৰাজ্য দিৱসৰ ভাষণত এই কথা ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাৰ। ৮০ শতাংশতকৈ অধিক বড়ো লোক থকা গাঁৱক BTR ৰ লগত সন্নিৱিষ্ট কৰাৰ সিদ্ধান্তক লৈ সৃষ্টি হৈছে বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া। আজি সদৌ অসম‌ আদিবাসী ছাত্ৰ সন্থাই শোণিতপুৰ জিলা বন্ধ ঘোষণা কৰাৰ সমান্তৰালকৈ ঢেকিয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মূখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মা আৰু ঢেকিয়াজুলিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলৰ পুট্তলিকা দাহ কৰে। হেমন্ত বিশ্বশৰ্মা মূৰ্দাবাদ, অশোক সিংঘল মূৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে ঢেকিয়াজুলি চহৰ। লগতে অহা ৩০ জানুৱাৰীত অশোক সিংঘলৰ ঘৰ ঘেৰাও কৰা হ’ব বুলি হুংকাৰ দিছে AASAA ৰ সদস্য সকলে। অতি শীঘ্ৰেই BTR বাতিল নকৰিলে জংগী আন্দোলনৰো হুংকাৰ দিছে চৰকাৰক।