ঢাকাৰ ১৫৭টা মণ্ডপত হ’ব শাৰদীয় দুৰ্গা পূজা

37

সমাগত শাৰদীয় দুৰ্গা পূজা। দুৰ্গা পূজাক লৈ দেশত প্ৰস্তুতি আৰম্ভ হৈছে। ইয়াৰ প্ৰস্তুতি চুবুৰীয়া দেশ বাংলাদেশতো আৰম্ভ হৈছে। বাংলাদেশত বসবাস কৰা সংখ্যালঘু হিন্দু সকলে প্ৰতি বছৰে উলহ মালহৰে দুৰ্গা পূজা উদযাপন কৰি আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইবাৰো বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলে দুৰ্গা পূজা উদযাপন কৰিবলৈ আগবাঢ়িছে। কিন্তু পূবৰ দৰে এইবাৰ তেওঁলোকৰ মাজত উৎসাহ নাই। বাংলাদেশত ৰাজনৈতিক অস্থিৰতাৰ পিছত সংখ্যালঘু হিন্দুৰ ওপৰত চলা আক্ৰমণৰ পিছত তাত বসবাস কৰা হিন্দু সকলক এতিয়া সংকিত হৈ আছে। যাৰ বাবে তেওঁলোকৰ মাজত এইবাৰ দূৰ্গা পূজাৰ উৎসাহ কমকৈ দেখা গৈছে। ইয়াৰ মাজতে নামাজ আৰু আজানৰ সময়ত দুর্গা পূজাৰ কাম বন্ধ ৰাখিবলৈ দেশৰ হিন্দুসকলক বিশেষ অনুৰোধ জনাইছে বাংলাদেশৰ অন্তৱর্তী চৰকাৰে। আৱামী লীগ চৰকাৰ তথা প্রধানমন্ত্রী শ্বেখ হাছিনাৰ পতনৰ পিচত দেশখনত বসবাস কৰা সংখ্যালঘু হিন্দুক নির্যাতনৰ অভিযোগ উঠিছে। তাৰ মাজতে দুর্গা পূজাক লৈ নতুন অনুৰোধ কৰিলে ইউনুছ চৰকাৰে। নতুন চৰকাৰে নামাজ বা আজানৰ সময়ত দুর্গা পূজাৰ সকলো গান-বাজনা বন্ধ ৰখাৰ বাবে হিন্দুসকলক অনুৰোধ জনাইছে। পূজা কমিটীসমূহে চৰকাৰৰ অনুৰোধত সন্মতি দিছে বুলি জানিব পৰা গৈছে। যোৱা বছৰ বাংলাদেশত ৩৩,৪৩১ টা পূজা মণ্ডপ আছিল। এইবাৰ এই সংখ্যা ৩২,৬৫৫ লৈ হ্রাস হৈছে। ঢাকাত মুঠ ১৫৭ টা মণ্ডপত পূজা হ’ব। পূজা মণ্ডপসমূহৰ নিৰাপত্তা নিশ্চিত কৰাৰ ব্যৱস্থা লৈছে চৰকাৰে।