ড্ৰাগছ কাণ্ডঃ বিবেক অবেৰয়ৰ ঘৰত ক্ৰাইম ব্ৰান্সৰ তালাচী, পত্নীলৈ চমন জাৰি

96

ডিজিটেল ডেস্কঃ অভিনেতা বিবেক অবেৰয়ৰ ঘৰত তালাচী চলোৱাৰ পিছত শনিবাৰে বিবেকৰ পত্নী প্ৰিয়ংকা আল্বালৈ নটিছ প্ৰেৰণ কৰিছে বাংগালুৰু চিটি পুলিছৰ ক্ৰাইম ব্ৰান্সে। চেণ্ডলউঠ ড্ৰাগছ কাণ্ডৰ সৈতে নাম সাঙোৰ খাই পৰা বিবেক অবেৰয়ৰ খুলশালীয়েক আদিত্য আল্বাক বিচাৰে শুকুৰবাৰে অবেৰয়ৰ ঘৰত তালাচী চলাইছিল ক্ৰাইম ব্ৰান্সে।

জানিব পৰা মতে, ড্ৰাগছ কাণ্ডৰ সৈতে জড়িত থকা সন্দৰ্ভত আদিত্য আল্বাৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে বাংগালুৰু আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে। আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে, বৰ্তমানলৈকে পলাতক হৈ আছে আদিত্য আল্বা। আদিত্য সন্দৰ্ভত কিছু তথ্য লাভৰ বাবে ক্ৰাইম ব্ৰান্সে আদালতৰ অনুমতি লৈ বিবেক অবেৰয়ৰ মুম্বাইস্থিত বাসগৃহত তালাচী চলাইছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।