ডিজিটেল মিডিয়ালৈ ভাল খবৰ, কেন্দ্ৰীয় চৰকাৰৰ নতুন পদক্ষেপ

75

ডিজিটেল ডেস্কঃ সময় সলনি হৈছে। সময়ৰ লগে লগে সলনি হৈছে মানুহৰ চিন্তাধাৰা, কাম কৰাৰ পদ্ধতি। সলনি সময়ৰ প্ৰত্যাহ্বানক স্বীকাৰ কৰি এদিন আত্মপ্ৰকাশ ঘটিছিল ডিজিটেল মিডিয়াৰ। খুব কম সময়ৰ ভিতৰতে নিজৰ স্থিতি মজবুত কৰিবলৈ সক্ষম হৈছে এই ডিজিটেল মিডিয়াই। কিন্তু সংবাদ মাধ্যম বুলিলেই যেন আজিও বাতৰি কাকত আৰু টিভি চেনেল!

এতিয়ালৈকৈ চৰকাৰৰ দৃষ্টিতো উপেক্ষিত হৈ অহা ডিজিটেল সংবাদ মাধ্যমসমূহৰ ওপৰত যেন শেহতীয়াকৈ চকু পৰিছে কেন্দ্ৰীয় চৰকাৰৰ। ইণ্টাৰনেটৰ মাধ্যমৰে খবৰ প্ৰচাৰ কৰা সংবাদ মাধ্যমসমূহলৈ চৰকাৰে আনিছে ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ তৰফৰ পৰা শুকুৰবাৰে সদৰী কৰা হৈছে যে এতিয়াৰে পৰা প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ শাৰীতেই ধৰা হ’ব ডিজিটেল মিডিয়াকো। সাম্প্ৰতিক ঘটনাৰাজি আৰু বা-বাতৰি প্ৰচাৰ কৰা ডিজিটেল মাধ্যম সমূহতো আগন্তুক সময়ত চৰকাৰী বিজ্ঞাপন দিয়া হ’ব বুলি কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা।

ইয়াৰোপৰি ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ লেখিয়াকৈ চৰকাৰৰ সৈতে যোগাযোগ বৰ্তাই ৰখাৰ বাবে ডিজিটেল মিডিয়া সমূহকো দিয়া হৈছে চেল্ফ ৰেগুলেটৰি বডী নিৰ্মাণ কৰাৰ অনুমতি। একেই সময়তে চৰকাৰে জনাইছে, ডিজিটেল মিডিয়াৰ সংবাদকৰ্মী, ভিডিঅ’ জাৰ্ণালিষ্ট সকলক চৰকাৰী সংবাদ মেলত প্ৰৱেশ কৰিব পৰাকৈ দিয়া হ’ব পিআইবি এক্ৰিডিয়েশ্যন। লগতে দিয়া হ’ব চিজিএইছএছৰ সুবিধা আৰু ৰে’লা যাত্ৰাৰ ভাড়া।