ডা০ দেৱেন দত্ত হত্যাকাণ্ডৰ ৰায়দান, এজন ফাঁচী, ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ড যোৰহাট আদালতৰ

72

গুৱাহাটীঃ ৰাজ্য কঁপোৱা চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ডৰ শাস্তিৰ ৰায় ঘোষণা কৰে। চিকিৎসালয়ৰ ভিতৰতে কৰ্তব্যৰত অৱস্থাত এদল লোকে হত্যা কৰিছিল দেৱেন দত্তক। এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ২৫ জন দোষীৰ ভিতৰত এজনক ফাঁচীৰ ৰায় প্ৰদান আৰু ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় যোৰহাট আদালতৰ। সঞ্জয় ৰাজোৱাৰক ফাঁচীৰ হুকুম দিলাৰ লগতে আন ২৪জন দোষীক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰিছে। সঞ্জয় ৰাজোৱাৰ চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ডৰ মূল আৰোপী আছিল। আটাইকেইজন দোষীক এহেজাৰ টকাকৈ জৰিমণা বিহিছে যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে।

আদালতে ২৫ জন লোকক দোষী সাব্যস্ত কৰি ৰায় প্ৰদান কৰিছিল যোৱা ১২ অক্টোবৰত। এই গোচৰত ৩২ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও বিচাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাত এজন অভিযুক্তৰ মৃত্যু হৈছিল৷ বাকী ৩১ জনৰ ৰায়দান প্ৰদান কৰে যোৰহাট জিলা সত্ৰ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে৷ আনহাতে ৬ জনক দোষ মুক্ত ঘোষণা কৰিছিল আদালতে৷ ২৫ জন দোষীক আজি শাস্তি ঘোষণা কৰা হয়৷