ডাষ্টুনে ভাৰতত মুকলি কৰিলে নতুন “ৰেডি-গ”

111

নতুন দিল্লী, ৩ জুন : ডাষ্টুনে ভাৰতত মঙলবাৰে মুকলি কৰিলে নতুন ৰেডি-গ’। এই বাহন খন অত্যাধিক উন্নত প্ৰযুক্তিৰে নিৰ্মিত। নতুন উন্নত প্ৰযুক্তিৰে নিৰ্মিত এই গাড়ী খন অতি আৰামদায়ক হ’ব। গাড়ী খনৰ যন্ত্ৰপাতি সমূহ উন্নত মানৰ। তদুপৰি চিট বেল্ট, দুটা এয়াৰবেগ থকাৰ লগতে অন্যন্যা বহুতো সা-সুবিধা থাকিব।
এই গাড়ী খন ছয়টা ৰঙত পোৱা যাব। এই নতুন গাড়ী খনে ৫ বছৰৰ বাবে ১৮৫০ টকাত আকৰ্ষণীয় ৱাৰেন্টি আগবঢ়াইছে। গাড়ী খনৰ সুৰক্ষাৰ দিশত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখ এই নতুন গাড়ী খনৰ মূল্য ২,৮৩,০০০ টকাৰ পৰা ৪,৭৭, ০০০ টকা ধার্য কৰা হৈছে।