ট’য়’টা আৰবান ক্ৰইজাৰে এটা আনন্দদায়ক মালিকৰ অভিজ্ঞতাৰ আশ্বাস দিয়ে

104

গ্ৰাহকৰ উৎসৱৰ সময়ত গাড়ী ক্ৰয় কৰাৰ পৰিকল্পনাত সহায় কৰাৰ বাবে, ট’য়’টা কিৰলস্কৰ মটৰে (টি কে এম)২২ আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ট’য়’টা আৰবান ক্ৰুইজাৰ, ইয়াৰ কম্পেক্ট এছ ইউ ভি ৰ বাবে ‘বুকিং অপেন’ ঘোষণা কৰিছে। আৰবান ক্ৰুইজাৰখন আজিৰ তৰুণ প্ৰজন্মৰ বাবে তৈয়াৰ কৰা হৈছে যাৰ কম বয়সতে ট’য়’টা এছ ইউ ভিৰ মালিক হোৱাৰ আশা আছে।
গাড়ীখন উন্নত ড্ৰাইভিংৰ অভিজ্ঞতা দিয়াৰ বাবে এক নতুন আৰু শক্তিশালী, য়েট ফুৱেল এফিচিয়েন্ট ‘কে-চিৰিজ ১.৫ লিটাৰ চাৰিটা চিলিণ্ডাৰযুক্ত পেট্ৰল ইঞ্জিন’ৰ দ্বাৰা সজ্জিত। আৰবান ক্ৰুইজাৰখন মেনুৱেল আৰু অট’মেটিক ট্ৰাঞ্চমিচন (এ টি) উভয়তে উপলব্ধ হ’ব। গাড়ীখনৰ বাহিৰভাগে এটা খুব আত্মবিশ্বাসী আৰু এনাৰজেটিক অন-ৰ’ড উপস্থিতি প্ৰদান কৰিব। এইটো আগলৈ ডুৱেল চেম্বাৰ এল ই ডি প্ৰজেক্টৰ হেডলেম্পচ আৰু এল ই ডি ফগ লেম্পৰ লগত একলগ হ’ব। গ্ৰাহকে মোহনীয় ডুৱেল ট’ন ডাৰ্ক ব্ৰাউন প্ৰিমিয়াম ইন্টেৰিয়ৰ, ৱাইড আৰু স্পেছিয়াছ কেবিন, স্মাৰ্ট প্ৰৱেশ, আৰু ইঞ্জিন পুছ ষ্টাৰ্ট/ষ্টপ বটন আৰু অট’ এ চিৰ বাবে অপেক্ষা কৰিছে। ট’য়’টা আৰবান ক্ৰুইজাৰখন এন্ড্ৰইড অট’/এপ্পল কাৰপ্লে আৰু স্মাৰ্টফোন আধাৰিত নেভিগেচনৰ লগত স্মাৰ্ট প্লেকাস্ত টাচস্ক্ৰিন অডিঅ’ৰ দৰে হাই-এন্ড বৈশিষ্টৰ সৈতে সজোৱা হ’ব। মাত্ৰ ১১,০০০ টকাৰ মূল্যৰে ট’য়’টা আৰবান ক্ৰুইজাৰখনৰ বুকিং খোলা হয়। গ্ৰাহকসকলে www.toyotabharat.com ত নিজৰ বুকিং অনলাইন কৰিব পাৰিব অথবা তেওঁলোকৰ ওচৰৰ ট’য়’টা ডিলাৰছিপতো যাব পাৰে।