টোল কৰ বৃদ্ধিৰ বিৰুদ্ধে ৰহাত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট এজেৱাইচিপিৰ…

181

আজি ৰহা টোল প্লাজাত টোল মাচুল বৃদ্ধিৰ বিৰুদ্ধে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে।

প্ৰতিবাদকাৰীসকলে অটোল মাচুল বৃদ্ধি প্ৰত্যাহাৰ কৰিবলৈ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই শ্লোগানেৰে উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে অত্যাৱশ্যকীয় ঔষধৰ মূল্যবৃদ্ধিৰো বিৰোধিতা কৰি মূল্যবৃদ্ধি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

এন এইচ এ আইৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এখন স্মাৰক পত্ৰও ৰহাৰ চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথক দাখিল কৰা হয়।

উল্লেখযোগ্য যে সংগঠনটোৱে সকীয়াই দিছে যে যদিহে তেওঁলোকৰ দাবী শীঘ্ৰে পূৰণ নহয় তেন্তে তেওঁলোকে ৰাজপথলৈ ওলাই আহি এনএইচএআই, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ব্যাপক বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ বাধ্য হ’ব।