টকিঅ’ অলিম্পিকঃ ইতিহাস ৰচি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা হকী দলৰ

104

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচিবলৈ সক্ষম হ’ল ভাৰতীয় মহিলা হকী দলে। দেওবাৰে ভাৰতীয় পুৰুষ হকী দলে গ্ৰেট ব্ৰিটেইনক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰি স্বৰ্ণজয়ৰ সপোন সাাৰ্থক কৰাৰ দিশে আগবাঢ়িছিল। তাৰ পিছতে আজি টকিঅ’ অলিম্পিকত তিনিবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ভাৰতীয় মহিলা হকী দলে।

উল্লেখ্য যে, ভাৰতীয় মহিলা হকী দলে মাত্ৰ তিনিবাৰহে অলিম্পিকত অংশ লোৱাৰ যোগ্যতা অৰ্জন কৰিছিল। কিন্তু প্ৰতিবাৰেই শীৰ্ষ দহৰ পৰা বঞ্চিত হৈ থকা মহিলা হকী দলটোৱে এইবাৰ টকিঅ’ অলিম্পিকত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

তিনিবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক কোৱাৰ্টাৰ ফাইনেলত ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে মহিলা হকী দলটোৱে। ভাৰতৰ হৈ একমাত্ৰ গ’লটো দিয়ে গুৰজিৎ কৌৰে। ভাৰতীয় মহিলা হকী দলটো ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে আনন্দৰ বন্যা নামিছে ভাৰতত। সকলোৱে মহিলা দলটোৰ পৰা স্বৰ্ণজয়ৰ আশা ৰাখিছে।