কোনো বিষয় বা প্ৰশ্নত জটিলতা থাকিলে ছাত্র ছাত্ৰী সকলে ফোন যোগে জনাই ভিডিঅৰ মাধ্যমৰে আতৰ কৰিব পাৰিব জটিলতা
ষ্টাফৰিপোৰ্টাৰ, ১০ এপ্ৰিল :: গুৱাহাটী আই আই টিৰ ছাত্ৰ ৰবি নিশান্ত আৰু তেওঁৰ সহযোগীয়ে জে ই ই আৰু এন ই ই টি পৰীক্ষাৰ্থীৰ বাবে সাজু কৰি উলিয়াইছে এক বিশেষ পদক্ষেপ। তেওঁলোকৰ ষ্টাৰ্ট আপ এপ’ এডভিজ’ৰ জৰিয়তে ছাত্র ছাত্ৰী সকলে ঘৰতে বহি দূৰ কৰিব পাৰিব জে ই ই
আৰু এন ই ই টি ৰ কোনো বিষয় বা প্ৰশ্নৰ জটিলতা। ছাত্র ছাত্ৰী সকলে জে ই ই
আৰু এন ই ই টি ৰ কোনো বিষয় বা প্ৰশ্নত জটিলতা থাকিলে বিনামূলীয়াকৈ সেই প্ৰশ্ন বা বিষয়ৰ উত্তৰ অভিজ্ঞ আই আই টি আন, ডক্টৰ, জেষ্ঠ বিষয় শিক্ষক পৰা পাব পাৰিব। ইয়াৰ বাবে তেওঁলোকে সাজু কৰি উলিয়াইছে এটা অভিজ্ঞ টীম।
উল্লেখ্য যে ছাত্র ছাত্ৰী সকলে যিকোনো সময়তে হেল্পলাইন নাম্বাৰ ১৮০০-২১২-৭১৪৪
আৰু হোৱাটছ্আপ নম্বৰ ৮০১১০-৩৫৩০৮ যোগাযোগ কৰি কিবা বিষয় অথবা প্ৰশ্নত জটিলতা থাকিলে জনাব পাৰিব। ইয়াৰ পিছত ছাত্র ছাত্ৰী সকলক ভিডিঅ, মেছেজ আৰু অডিঅ’ৰ যোগেদি নিজ পছন্দ অনুসৰি তেওঁলোকৰ জটিলতা থকা বিষয়ৰ সমস্যা দূৰ কৰিব পাৰিব বুলি এক বিবৃতি যোগে জনাইছে।