ষ্টাফৰিপোৰ্টাৰ, ৮ এপ্ৰিল : : বিশ্ব সন্ৰাস সৃষ্টি কাৰী কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশত ২১ দিনীয়া লকডাউন অব্যাহত থকাৰ বাবে অতি দৰিদ্ৰ পৰিয়াল সকলৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে ৷ অতি দৰিদ্ৰ পৰিয়াল সকলে এবেলা খাই এবেলা লঘনে থাকিবলগীয়া হৈছে৷ চৰকাৰ তৰফৰ পৰা কিছু পৰিমানে সামগ্ৰী বিতৰণ কৰা হৈছে’ যদিও পৰ্যাপ্ত নহয় ৷এই ক্ষেত্ৰত ৰাজ্যচৰকাৰে বাৰুকৈয়ে উপলব্ধি কৰিয়ে চৰকাৰৰ তৰফৰ পৰা দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলৈ ৰাজ্যিক কৰ্মচাৰী সকলক আহ্বান জনাই আহিছে ৷ ৰাজ্যৰ বিত্তীয় মন্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰী সকলকৰ মাৰ্চ মাহৰ দৰ্মহা কৰ্তন নকৰাৰ কথা উল্লেখ কৰি ’ তেওঁ লোকক দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ৷ চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনায় সন্দিকৈ মহাবিদ্যালয় মুখ্য কাৰ্যালয় সহায়িকা ৰীতা দাস হাজৰিকাই বুধবাৰে দক্ষিণ শৰনীয়া গান্ধীমন্ডপ পথৰ নিজ বাসগৃহৰ সন্মুখত পাছটি পৰিয়ালৰ মাজত সামগ্ৰী বিতাৰন কৰে ৷ ৫কিলোগ্ৰাম চাউল ’ ১ কেঃজি দাইল’ ১কেঃজি আলু ’ এপেকেট মিঠাতেল’ এপেকেট নিমখ বিতৰন কৰে ৷ তেওঁৰ এনেকুৱা পদক্ষেপক সচাকৈয়ে আদৰনী পদক্ষেপ বুলি স্হানীয় ৰাইজে মতপোষণ কৰে ৷ একাংশ স্হানীয় ৰাইজে এনেকৈয়ে চৰকাৰী কৰ্মচাৰী সকলক দুখীয়াৰ ওচৰত থিয় হবলৈ আহ্বান জনায় ৷