চৰকাৰে কৃষি আইন বাতিল কৰক, অন্যথা দিল্লী অৱৰোধৰ হুংকাৰ কৃষকৰ…

60

ডিজিটেল ডেস্ক: কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰা কৃষকসকলে কেন্দ্ৰীয় চৰকাৰক সতৰ্ক কৰি দিছে যে চৰকাৰে এক বিশেষ অধিবেশনৰ আহ্বান কৰি এই আইনসমূহ বাতিল কৰক। অন্যথা কৃষকসকলে দিল্লী অৱৰোধ কৰিব বুলিও হুংকাৰ দিছে।

আনহাতে কেন্দ্ৰীয় চৰকাৰে এয়া কেৱল পঞ্জাৱৰ কৃষকৰ আন্দোলন বুলি সমগ্ৰ কৃষি আইন বিৰোধী প্ৰতিবাদক উপেক্ষা কৰাৰ চেষ্টা চলোৱা বুলিও অভিযোগ কৰে কৃষক সকলে। চৰকাৰে আলোচনাৰ বাবে মান্তি হলেও যোগেন্দ্ৰ যাদৱ, দৰ্শনপালৰ দৰে কৃষক নেতাক আলোচনাৰ বাবে আমন্ত্ৰণ নজনোৱা কাৰ্যক লৈও এতিয়া ক্ষুব্ধ হৈ পৰিছে প্ৰতিবাদী কৃষক।