চোৰ, ডকাইত, দুৰ্নীতিগ্ৰস্ত সকলো লোক আছে বিজেপিতঃ পুনৰ সৰৱ দিল্লীৰ মুখ্যমন্ত্ৰী…

269

বিজেপিৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হৈ পৰিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ সকলো ৰাজনৈতিক বিৰোধী দলে বিজেপিৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰাৰ সময়তে এইবাৰ কেজৰিৱালৰ মন্তব্য- বিজেপিতে আছে সকলো চোৰ, ডকাইত।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, “চোৰ, ডকাইত আৰু দুৰ্নীতিগ্ৰস্ত সকলো লোক এটা দলতেই আছে। সেয়া হৈছে বিজেপি।’’

তেওঁ পুনৰ কয়, ”যিদিনা নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী নহ’ব, সেইদিনা ভাৰত দুৰ্নীতিমুক্ত হ’ব।’’

কেজৰিৱালে কয় যে যিহেতু সকলো দুৰ্নীতিগ্ৰস্ত লোক এটা দলত আছে, সেয়েহে তেওঁলোকক ধৰিবলৈ সহজ হ’ব।