চোৰাং চিকাৰীৰ গুলীত শ্বহীদ কৰ্তব্যৰত ৩ আৰক্ষী, মুখ্যমন্ত্ৰীৰ ১ কোটিকৈ আৰ্থিক সাহায্য ঘোষণা

100

নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ গৈয়ে মধ‍্যপ্ৰদেশত চোৰাং চিকাৰীৰ গুলীত তিনিজন আৰক্ষী শ্বহীদ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল‍্যৰ । মধ্য প্ৰদেশৰ গুনাত সংঘটিত এই ঘটনাই সুৰক্ষা কৰ্মী সকলৰ সুৰক্ষাক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।

ঘটনাটোৰ পিছতে ৰাজ‍্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এখন জৰুৰী বৈঠক আহ্বান কৰি প্ৰতিটো পৰিয়ালৰ বাবে ১ কোটি টকাকৈ আৰ্থিক সাহায্য আৰু এটাকৈ চৰকাৰী চাকৰি প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

এই ঘটনাটো শুক্ৰবাৰে নিশা সংঘটিত হৈছিল। সেইদিনা, গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, এৰন আৰক্ষী থানাৰ আৰক্ষীয়ে মধ্য প্ৰদেশৰ গুণাৰ চাগা বৰখেদা অঞ্চলত হৰিণৰ চোৰাং চিকাৰীৰ সন্ধানত তালাচী চলায়। অৱশ্যে, এই খবৰটো চোৰাং চিকাৰী সকলে আগতীয়াকৈ লাভ কৰে ।

ইফালে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চোৰাং ব্যৱসায়ীসকলক আটক কৰাৰ সময়তে, চোৰাং চিকাৰী সকলে আৰক্ষীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে।ফলত তিনিও জন আৰক্ষীৰ তীব্ৰ ৰক্তক্ষৰণ হৈ ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ।

এই ঘটনাত মৃত সকলক উপ পৰিদৰ্শক ৰাজকুমাৰ জাটভ, হেড কনিষ্টবল শান্তাৰাম মীনা আৰু কনিষ্টবল নীৰজ ভাৰ্গৱ বুলি চিনাক্ত কৰা হৈছে।

ইফালে এই ঘটনাটোত উদ্বিগ্ন হৈ পৰিছে প্ৰশাসন । মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাই ঘটনাটোক তীব্ৰ সমালোচনা কৰি কয় – “যি সকলে তিনিজন সাহসী আৰক্ষীক হত্যা কৰিছিল তেওঁলোকক এৰি দিয়া নহ’ব। তেওঁলোকক উপযুক্ত শাস্তি দিয়া হ’ব।“ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও ঘটনাটোৰ বিষয়ে নিজেই অনুসন্ধান আৰম্ভ কৰিছে।

ঘটনাটোৰ পিছতে তেওঁ এখন জৰুৰী সভাও আহ্বান কৰে ।এই বৈঠকত ৰাজ‍্যৰ ডিজিপি, গৃহমন্ত্ৰী, মুখ্য সচিবকে ধৰি জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। লগতে মৃতকৰ পৰিয়াললৈ ১ কোটি টকাৰ আৰ্থিক সাহায্যৰ লগতে এটাকৈ চৰকাৰী চাকৰি ঘোষণা কৰিছে।