চিচিবৰগাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা

325

চিচিবৰগাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা ।নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলৰ নদীত পৰিল বাইক ।দুজন থিতাতে নিহত, এজনৰ অৱস্থা সংকটজনক ।বুধবাৰে পুৱা প্ৰায় পাঁচ বজাত চিচিবৰগাঁৱৰ সমীপৰ গেলুৱা নদীৰ দলঙত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই এখন ৰয়েল এনফিল্ড মটৰচাইকেল দলঙৰ কাষৰ খুঁটা ভাঙি নদীত পৰাৰ ফলতেই সংঘটিত হয় দূৰ্ঘটনাটো । জানিব পৰা অনুসৰি চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ আমগুৰি পঞ্চায়তৰ বটুৱাৰ যুৱক দীপাংকৰ পামেগামে কালি এখন ৰয়েল এনফিল্ড মটৰচাইকেল কিনি আনে আৰু লগৰীয়া দুজন বন্ধু ক্ৰমে হৰমোহন কাৰ্ডং আৰু হেমন্ত নৰহ ওৰফে এছাই নৰহক লগত লৈ নিশা প্ৰায় ন মান বজাত নতুন মটৰচাইকেলখন দেখুৱাবলৈ তিনিওজনে বায়েকৰ ঘৰলৈ আহে । আজি পুৱা বায়েকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত চিচিবৰগাঁৱৰ সমীপৰ গেলুৱা নদীৰ দলঙত উঠাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ মূৰৰ খুঁটা ভাঙি নদীত পৰেগৈ বাইক সহ তিনিজন যুৱক । দূৰ্ঘটনাটোত হৰমোহন কাৰ্ডং আৰু হেমন্ত নৰহৰ থিতাতে নিহত হয় । বাইকৰ চালক দীপাংকৰ পামেগামক মুমূৰ্ষু অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি ১০৮ সেৱাযোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । জানিব পৰামতে তিনিওজনৰে ঘৰ বটুৱাত । ঘটনাস্থলীত চিচিবৰগাঁও আৰক্ষী উপস্থিত হৈ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰিছে ।